যোৱা ৪৩ বছৰৰ ভিতৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে ভ্ৰমণ
দ্বিপাক্ষিক কূটনীতিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি আৰু এক ঐতিহাসিক মাইলৰ খুটি স্থাপন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে নৰৱেৰ ৰাজধানী ওচলোত উপস্থিত হয় । যোৱা ৪৩ বছৰৰ ভিতৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে ভ্ৰমণ । ছুইডেনৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী সমাপ্ত কৰি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ওচলোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে তেওঁৰ চলিত পাঁচখন দেশৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ পৰ্যায় । এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে ভাৰত আৰু নৰৱেৰ মাজৰ কৌশলগত তথা অৰ্থনৈতিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰা ।
ৰাণৱেত নৰৱেৰ প্ৰধানমন্ত্ৰীৰ অনন্য আদৰণি-
এই ভ্ৰমণৰ তাৎপৰ্য প্ৰতিপন্ন কৰি এক বিৰল কূটনৈতিক সৌজন্যতা প্ৰদৰ্শন কৰা দেখা গ’ল । নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰে নিজেই বিমানবন্দৰৰ ৰাণৱেত উপস্থিত থাকি ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় । বিমানবন্দৰৰ উচ্চস্তৰীয় আদৰণি দলটোত ভাৰতলৈ নৰৱেৰ ৰাষ্ট্ৰযুদ্ধ মে-ইলিন ষ্টেনাৰ, নৰৱেলৈ ভাৰতৰ ৰাষ্ট্ৰদূত গ্ল’ৰিয়া গেংটেৰ লগতে দুয়ো দেশৰ কেইবাগৰাকীও উচ্চপদস্থ কূটনীতিবিদ উপস্থিত থাকে ।
ছচিয়েল মিডিয়াত উছাহ প্ৰকাশ দুয়ো দেশৰ প্ৰতিনিধিৰ-
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক লৈ নৰৱে চৰকাৰ আৰু কূটনীতিবিদসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত লিখিছে :
“নৰৱেলৈ স্বাগতম, প্ৰধানমন্ত্ৰী মোদী । ই এক ঐতিহাসিক মুহূৰ্তক চিহ্নিত কৰিছে । মই আশাবাদী যে নৰৱে, নৰ্ডিক দেশসমূহ আৰু ভাৰতে বাণিজ্য, সেউজ পৰিৱৰ্তন আৰু আমাৰ উমৈহতীয়া গোলকীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব ।”
একেদৰে ভাৰতলৈ নৰৱেৰ ৰাষ্ট্ৰদূত মে-ইলিন ষ্টেনাৰেও এই ভ্ৰমণক এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে । তেওঁ ‘X’ত উল্লেখ কৰে যে ৪৩ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ সুদৃঢ় সম্পৰ্ক আৰু সহভাগী উচ্চাকাংক্ষাকে প্ৰতিফলিত কৰিছে ।
ব্যস্ততাপূৰ্ণ কাৰ্যসূচী আৰু মূল লক্ষ্য-
প্ৰধানমন্ত্ৰী মোদীৰ ওচলো ভ্ৰমণৰ সূচী অত্যন্ত ব্যস্ততাপূৰ্ণ । তেওঁ ওচলোত অনুষ্ঠিত হ’বলগীয়া ‘তৃতীয় ভাৰত-নৰ্ডিক সন্মিলন’ত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও তেওঁ নৰৱেৰ ৰজা হেৰাল্ড (পঞ্চম) আৰু ৰাণী চনজাক সাক্ষাৎ কৰিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী ষ্টোৰৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু দুয়োগৰাকী নেতাই যৌথভাৱে ‘ভাৰত-নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলন’ক সম্বোধন কৰিব ।
বাণিজ্য আৰু বিনিয়োগত বিশেষ গুৰুত্ব-
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই ভ্ৰমণে ভাৰত-নৰৱে সম্পৰ্কৰ প্ৰগতিৰ পৰ্যালোচনা কৰাৰ এক ডাঙৰ সুযোগ আনি দিব । বিশেষকৈ—
বাণিজ্য আৰু বিনিয়োগ : ভাৰত-EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত বাণিজ্য সম্প্ৰসাৰণ ।
সেউজ প্ৰযুক্তি ও নীলা অৰ্থনীতি : সেউজ প্ৰযুক্তি (Green Tech) আৰু নীলা অৰ্থনীতিৰ (Blue Economy) ক্ষেত্ৰত সহযোগিতা বৃদ্ধি ।
বিত্তীয় গতিশীলতা : ২০২৪ চনৰ হিচাপত দুয়ো দেশৰ মাজত বৰ্তমান প্ৰায় ২.৭৩ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য চলি আছে । লগতে ভাৰতীয় মূলধন বজাৰত নৰৱেৰ চৰকাৰী পেঞ্চন ফাণ্ডৰ প্ৰায় ২৮ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ আছে । এই ভ্ৰমণে এই বিত্তীয় আৰু বাণিজ্যিক সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব বুলি বৈদেশিক মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : ‘ইৰাণৰ একোৱেই নাথাকিব…’;উচ্চ পৰ্যায়ৰ বৈঠকত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ ইংগিত ট্ৰাম্পৰ









