'ইৰাণৰ একোৱেই নাথাকিব...';উচ্চ পৰ্যায়ৰ বৈঠকত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ ইংগিত ট্ৰাম্পৰ

‘ইৰাণৰ একোৱেই নাথাকিব…’;উচ্চ পৰ্যায়ৰ বৈঠকত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ ইংগিত ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ কৌশল সন্দৰ্ভত নিৰাপত্তা বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ শীৰ্ষ বিষয়াৰ সৈতে সাক্ষাৎ কৰে।এক সূত্ৰৰ উদ্ধৃতি দি চিএনএনে নিজৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।ট্ৰাম্পে অনুষ্ঠিত কৰা এই বৈঠকৰ উদ্দেশ্য আছিল

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ কৌশল সন্দৰ্ভত নিৰাপত্তা বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ শীৰ্ষ বিষয়াৰ সৈতে সাক্ষাৎ কৰে।এক সূত্ৰৰ উদ্ধৃতি দি চিএনএনে নিজৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।ট্ৰাম্পে অনুষ্ঠিত কৰা এই বৈঠকৰ উদ্দেশ্য আছিল ইৰাণৰ সৈতে যুদ্ধ সন্দৰ্ভত ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা।

এই বৈঠকৰ ট্ৰাম্পৰ সেই মন্তব্যৰ এদিন পিছত হৈছিল,য’ত তেহৰাণক সতৰ্কবাণী জাৰি কৰি তেওঁ কয় যে তেওঁলোকে যিমান পাৰি সোনকালে ব্যৱস্থা ল’ব লাগিব আৰু অতি দ্ৰুতগতিত কৰিব লাগিব, অন্যথা তেওঁলোকৰ একোৱেই বাকি নাথাকিব।

দেওবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ট্ৰাম্পে লিখিছে- ইৰাণৰ বাবে ঘড়ীৰ কাটা এতি দ্ৰুতগতিত ঘূৰি আছে, আৰু তেওঁলোকে যিমান পাৰি সোনকালে দ্ৰুত পদক্ষেপ ল’ব লাগিব,”নহ’লে সিহঁতৰ একো নাথাকিব। সময় অতি মূল্যৱান।”

ৰাষ্ট্ৰপতিৰ ভাৰ্জিনিয়া স্থিত গল্ফ ক্লাবত অনুষ্ঠিত এই সভাত উপ-ৰাষ্ট্ৰপতি জে.ডি. ভ্যান্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’, চিআইএৰ সঞ্চালক জন ৰেটক্লিফ আৰু বিশেষ দূত ষ্টিভ উইটকফৰ দৰে নেতাও উপস্থিত আছিল। এই বৈঠকখন চীন ভ্ৰমণৰ পৰা ট্ৰাম্পে ৱাশ্বিংটনলৈ উভতি অহাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে অনুষ্ঠিত হয়।

লগতে পঢ়ক: ‘লাহে লাহে ধৈৰ্য্য হেৰুৱাইছো’; ইৰাণ সন্দৰ্ভত ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য