প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্য চৰকাৰে ১৫ৰ পৰা ২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনসমূহ নিষিদ্ধ কৰাৰ এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে
ৰাজ্যত প্ৰদূষণ ৰোধ আৰু ইন্ধন সংৰক্ষণৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক যুগান্তকাৰী ঘোষণা কৰে । একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰাৰ পিছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্য চৰকাৰে ১৫ৰ পৰা ২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনসমূহ নিষিদ্ধ কৰাৰ এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে ।
চৰকাৰৰ এই নতুন নীতিৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনত প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা আৰু এক স্বচ্ছ পৰিবহণ ব্যৱস্থা গঢ়ি তোলা । মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে পৰিৱেশৰ স্থায়িত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে ।
কেবিনেট বৈঠকৰ আন এক উল্লেখযোগ্য সিদ্ধান্ত অনুসৰি, অসম চৰকাৰে চৰকাৰী কাৰ্যকলাপৰ ক্ষেত্ৰত পেট্ৰ’ল আৰু ডিজেলৰ ক্ৰয় তথা ব্যৱহাৰ পূৰ্বৰ তুলনাত ২০ শতাংশ হ্ৰাস কৰাৰ সংকল্প লৈছে । ইয়াৰ জৰিয়তে চৰকাৰে ইন্ধনৰ অপচয় ৰোধ কৰাৰ লগতে ৰাজ্যিক কোষাগাৰৰ বোজা হ্ৰাস কৰিব বিচাৰিছে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আগন্তুক দিনত চৰকাৰে পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ই-বাহন বা অন্যান্য বিকল্প স্বচ্ছ ইন্ধনৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ পৰ্যায়ক্ৰমে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব ।
উল্লেখ্য যে ১২ মে’ত মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰাৰ পিছতেই (দ্বিতীয়বাৰৰ চৰকাৰৰ প্ৰথম কেবিনেট) শৰ্মাই এই গুৰুত্বপূৰ্ণ বৈঠকখনত পৌৰোহিত্য কৰিছিল । এই ঘোষণাই এতিয়া সমগ্ৰ ৰাজ্যতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিও পৰিৱেশ কৰ্মীসকলে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ।
লগতে পঢ়ক : কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য









