ৰাষ্ট্ৰপতি ঝি জিনপিংক সাক্ষাৎ কৰিবলৈ চীনত উপস্থিত ডনাল্ড ট্ৰাম্প

ৰাষ্ট্ৰপতি ঝি জিনপিংক সাক্ষাৎ কৰিবলৈ চীনত উপস্থিত ডনাল্ড ট্ৰাম্প

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ সৈতে এক উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প বুধবাৰে চীনত উপস্থিত হয় । চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ সৈতে এক উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে । ২০১৭ চনৰ পিছত

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ সৈতে এক উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প বুধবাৰে চীনত উপস্থিত হয় । চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ সৈতে এক উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে । ২০১৭ চনৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে এয়া ট্ৰাম্পৰ প্ৰথম চীন ভ্ৰমণ ।

ভব্য আদৰণি-

ৰাষ্ট্ৰপতি ট্ৰাম্প বেইজিঙত উপস্থিত হোৱাৰ লগে লগে চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙে তেওঁক উষ্ম আদৰণি জনায় । এই সময়ত চীনত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিদ পাৰ্ডুৰ লগতে চৰকাৰী উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । যোৱা অক্টোবৰত বুছানত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে দুই বিশ্ব নেতা মুখামুখিকৈ মিলিত হ’ব ।

কৌশলগত আলোচনাৰ প্ৰস্তুতি-

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুঅ’ জিয়াকুনে এক সংবাদ মেলত জানিবলৈ দিয়ে যে এই ভ্ৰমণকালত দুই ৰাষ্ট্ৰপ্ৰধানে চীন-আমেৰিকা সম্পৰ্কৰ লগতে বিশ্ব শান্তি আৰু উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰিব । জিয়াকুনৰ মতে, “ৰাষ্ট্ৰপ্ৰধানসকলৰ কূটনৈতিক আলোচনা চীন-আমেৰিকা সম্পৰ্কৰ বাবে অপৰিহাৰ্য । আমি এক সুস্থিৰ বিশ্বৰ স্বাৰ্থত সমতা আৰু পাৰস্পৰিক সন্মানৰ মাজেৰে কাম কৰিবলৈ সাজু ।”

চীনৰ ‘চাৰিটা ৰঙা ৰেখা’-

ট্ৰাম্পৰ এই ভ্ৰমণৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা চীনৰ দূতাবাসে এক গুৰুত্বপূৰ্ণ স্থিতি স্পষ্ট কৰিছে । সামাজিক মাধ্যম ‘এক্স’ (X) যোগে দূতাবাসে জানিবলৈ দিয়ে যে চীন-আমেৰিকা সম্পৰ্কত এনে চাৰিটা স্পৰ্শকাতৰ বিষয় আছে যিবোৰক চীনে “চাৰিটা ৰঙা ৰেখা” (Four Red Lines) বুলি গণ্য কৰে । এই ৰেখা কেইটা হ’ল : ১/ টাইৱান প্ৰশ্ন ২/ গণতন্ত্ৰ আৰু মানৱাধিকাৰ ৩/ পথ আৰু ৰাজনৈতিক ব্যৱস্থা ৪/ চীনৰ উন্নয়নৰ অধিকাৰ ।

দূতাবাসে স্পষ্ট কৰি দিছে যে ১৩ মে’ৰ পৰা ১৫ মে’লৈ চলিবলগীয়া এই ভ্ৰমণকালত এই চাৰিটা বিশেষ বিষয়ত কোনো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণযোগ্য নহ’ব । এই ভ্ৰমণে বৰ্তমানৰ অস্থিৰ গোলকীয় ৰাজনীতিত কিদৰে স্থিৰতা আনে, তাৰ ওপৰত এতিয়া বিশ্ববাসীৰ চকু নিৱদ্ধ হৈছে ।

লগতে পঢ়ক : ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি