শপত গ্ৰহণৰ পিছতেই একচন মুডত হিমন্ত বিশ্ব শৰ্মাঃ মন্ত্ৰীৰ কনভয় হ্ৰাসৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ

শপত গ্ৰহণৰ পিছতেই একচন মুডত হিমন্ত বিশ্ব শৰ্মাঃ মন্ত্ৰীৰ কনভয় হ্ৰাসৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই একচন মুডত অবতীৰ্ণ হৈছে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই একচন মুডত অবতীৰ্ণ হৈছে ড° হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটীত অনুষ্ঠিত নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ১৩ মে’ত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত ঘোষণা কৰে

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই একচন মুডত অবতীৰ্ণ হৈছে ড° হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই একচন মুডত অবতীৰ্ণ হৈছে ড° হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটীত অনুষ্ঠিত নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ১৩ মে’ত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত ঘোষণা কৰে । ৰাজ্য চৰকাৰৰ অনাৱশ্যকীয় ব্যয় হ্ৰাস কৰা আৰু কাম-কাজত অধিক স্বচ্ছতা অনাৰ লক্ষ্যৰে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে ।

বিধানসভাৰ অধিৱেশনৰ সূচী :

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, আগন্তুক অসম বিধানসভাৰ অধিৱেশন অহা ২১, ২২, ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব । এই অধিৱেশনতে নৱ-নিৰ্বাচিত বিধায়কসকলে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব আৰু ৰাজ্যপালে সদনত ভাষণ প্ৰদান কৰিব । উল্লেখ্য যে, এই অধিৱেশনৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক সাময়িক অধ্যক্ষ (Protem Speaker) হিচাপে নিযুক্তি দিবলৈ ৰাজ্যপালক অনুৰোধ জনোৱা হৈছে ।

ব্যয় সংকুচনৰ বাবে পদক্ষেপ : ৰাজ্যৰ আৰ্থিক বোজা হ্ৰাস কৰিবলৈ কেবিনেটে অনাগত ছয় মাহৰ বাবে কঠোৰ পদক্ষেপ লৈছে । সেই অনুসৰি :

কনভয় হ্ৰাস : মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু সকলো মন্ত্ৰীৰ নিৰাপত্তা বাহিনীৰ বাহন বা কনভয়ৰ সংখ্যা হ্ৰাস কৰা হ’ব ।

বিদেশী সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা : অহা ছয় মাহলৈ চৰকাৰী কাৰ্যালয়ৰ বাবে কোনো বিদেশী সামগ্ৰী আমদানি কৰা নহ’ব ।

ডিজিটেল বৈঠকত গুৰুত্ব : চৰকাৰী বিভাগসমূহে কোনো ধৰণৰ শাৰীৰিক আলোচনা চক্ৰ বা কৰ্মশালা অনুষ্ঠিত কৰিব নোৱাৰিব । ইয়াৰ পৰিৱৰ্তে ভিডিও কনফাৰেন্সিঙৰ জৰিয়তেহে সকলো সভা সম্পন্ন কৰিব লাগিব ।

কেবিনেট সম্প্ৰসাৰণৰ ইংগিত : সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে মন্ত্ৰীসকলৰ দপ্তৰ এতিয়াও ঘোষণা কৰা হোৱা নাই । বিধানসভাৰ অধিৱেশন সমাপ্ত হোৱাৰ পিছতহে কেবিনেট সম্প্ৰসাৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।

নতুন চৰকাৰৰ এই জনহিতকৰ তথা মিতব্যয়ী পদক্ষেপে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : নতুন চৰকাৰৰ কঠোৰ পদক্ষেপ : অহা ৬ মাহৰ বাবে মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণ নিষিদ্ধ