দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত হিমন্ত বিশ্ব শৰ্মা; শপত গ্ৰহণস্থলীত উপস্থিতি হৈ আৱেগিক মাতৃ-পত্নী-কন্যা

দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত হিমন্ত বিশ্ব শৰ্মা; শপত গ্ৰহণস্থলীত উপস্থিতি হৈ আৱেগিক মাতৃ-পত্নী-কন্যা

এক নতুন অধ্যায়ৰ সূচনা কৰি আজি এনডিএ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি এনডিএ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ

এক নতুন অধ্যায়ৰ সূচনা কৰি আজি এনডিএ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি এনডিএ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই ভব্য অনুষ্ঠানৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে ৰাজধানী চহৰখন ।

পৰিয়ালৰ আনন্দ আৰু গৌৰৱ-

চৰকাৰ গঠনৰ এই বিশেষ ক্ষণত অংশ ল’বলৈ পুৱাই অনুষ্ঠানস্থলীত উপস্থিত হয় মনোনীত মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সদস্যসকল । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু কন্যা সুকন্যা শৰ্মাই আনন্দ প্ৰকাশ কৰে । ৰিণিকি ভূঞা শৰ্মাই ইয়াক এক “অতি সুখৰ মুহূৰ্ত” বুলি অভিহিত কৰাৰ বিপৰীতে কন্যা সুকন্যাই কয় যে তেওঁলোক ইয়াত উপস্থিত থাকিবলৈ পাই গৌৰৱান্বিত আৰু আনন্দিত ।

ইফালে পুত্ৰৰ এই ঐতিহাসিক সফলতাৰ সাক্ষী হ’বলৈ অতি উৎসুকতাৰে অপেক্ষা কৰিছে মাতৃ মৃণালিনী দেৱীয়ে । মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কাৰ্যসূচীলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মাতৃয়ে নিজৰ মনৰ আনন্দ প্ৰকাশ কৰে । পুত্ৰই শপত লোৱাৰ সেই সুৱৰ্ণ ক্ষণটো সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ তেওঁ নিৰ্দিষ্ট সময়ৰ বহু পূৰ্বেই শপত গ্ৰহণস্থলীত উপস্থিত হয় ।

মাতৃৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা-

পুত্ৰৰ ভৱিষ্যত অধিক উজ্জ্বল হোৱাৰ কামনা কৰি মাতৃ মৃণালিনী দেৱীয়ে কয়, “বৰ্তমানতকৈ ভৱিষ্যতৰ আনন্দলৈহে অধিক অপেক্ষা কৰিছোঁ ।” নেদেখাজনৰ ওচৰত পুত্ৰৰ কুশল মংগল কামনা কৰি তেওঁ আশীৰ্বাদৰ বৰষুণ ঢালে । কেৱল এগৰাকী মাতৃ হিচাপেই নহয়, বৰঞ্চ এজন সফল জননেতাৰ জন্মদাত্ৰী হিচাপে তেওঁৰ মুখত বিৰিঙি উঠিছে এক অনন্য গৌৰৱৰ হাঁহি ।

পুত্ৰক দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ সৰ্বোচ্চ আসনখনত অধিষ্ঠিত হোৱা দেখিবলৈ পোৱাটো তেওঁৰ বাবে এক বিৰল আৰু আনন্দৰ মুহূৰ্ত বুলি মাতৃগৰাকীয়ে অভিহিত কৰে ।

উপস্থিত থাকিব দেশৰ ভিভিআইপি সকল-

আজি পুৱা ১১:৪০ বজাত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব । ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে এনডিএ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ।

কটকটীয়া নিৰাপত্তা ব্যৱস্থা-

অনুষ্ঠানক কেন্দ্ৰ কৰি সমগ্ৰ খানাপাৰা অঞ্চলত বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা জাৰি কৰাৰ লগতে প্ৰতিটো কোণত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।

শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই ড০ হিমন্ত বিশ্ব শৰ্মাই শক্তিপীঠ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে । তেওঁ ৰাজ্যবাসীৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায় ।

লগতে পঢ়ক : হিমন্ত চৰকাৰ ২.০ : শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে