দৈনন্দিন জীৱনত আমদানিকৃত সামগ্ৰীৰ নিৰ্ভৰশীলতা ত্যাগ কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰীৰ আহ্বান

দৈনন্দিন জীৱনত আমদানিকৃত সামগ্ৰীৰ নিৰ্ভৰশীলতা ত্যাগ কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰীৰ আহ্বান

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সম্পদৰ ওপৰত পৰা বোজা হ্ৰাস কৰিবলৈ সকলোকে সামূহিক দায়িত্ব ল’বলৈ অনুৰোধ জনায় পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তপ্ত পৰিস্থিতি আৰু ইয়াৰ ফলত দেশৰ অৰ্থনীতিত পৰিব পৰা প্ৰভাৱক লৈ দেশবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সোমবাৰে গুজৰাটৰ বদোদৰাত এক বিশাল জনসভাত ভাষণ দি

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সম্পদৰ ওপৰত পৰা বোজা হ্ৰাস কৰিবলৈ সকলোকে সামূহিক দায়িত্ব ল’বলৈ অনুৰোধ জনায়

পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তপ্ত পৰিস্থিতি আৰু ইয়াৰ ফলত দেশৰ অৰ্থনীতিত পৰিব পৰা প্ৰভাৱক লৈ দেশবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সোমবাৰে গুজৰাটৰ বদোদৰাত এক বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সম্পদৰ ওপৰত পৰা বোজা হ্ৰাস কৰিবলৈ সকলোকে সামূহিক দায়িত্ব ল’বলৈ অনুৰোধ জনায় ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ক’ভিড মহামাৰী আৰু গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বানৰ পিছত পশ্চিম এছিয়াৰ শেহতীয়া সংঘাত বিশ্বৰ বাবে আন এক ডাঙৰ সংকট । তেওঁ কয়, “ভাৰত এই অশান্ত পৰিস্থিতিৰ পৰা অস্পৰ্শ নহয় । গোলকীয় যোগান শৃংখলা ব্যাহত হোৱাৰ লগতে আমদানি কৰা সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । এনে সময়ত আমি সকলোৱে একগোট হৈ বৈদেশিক মুদ্ৰাৰ ব্যয় হ্ৰাস কৰাটো প্ৰয়োজনীয় ।”

আমদানি হ্ৰাস আৰু স্বনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব-

প্ৰধানমন্ত্ৰী মোদীয়ে খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ’বলৈ পৰামৰ্শ দিয়ে । তেওঁ ৰাইজক ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা, কাৰ-পুলিং কৰা আৰু বৈদ্যুতিক বাহনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও, বৈদেশিক মুদ্ৰা ৰাহি কৰিবলৈ বৰ্তমানৰ বাবে সোণ ক্ৰয় স্থগিত ৰাখিবলৈও তেওঁ দেশবাসীক অনুৰোধ কৰে ।

দৈনন্দিন জীৱনত সৰু সংকল্পৰ শক্তি-

“যিদৰে টোপাল টোপাল পানীৰে কলহ ভৰে, তেনেদৰে আমাৰ সৰু সৰু পদক্ষেপে দেশৰ অৰ্থনীতি সবল কৰিব,”—প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে । তেওঁ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডতে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰ্চুৱেল মিটিং আৰু ‘ৱৰ্ক ফ্ৰম হোম’ সংস্কৃতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ।

‘ভোকাল ফৰ লোকেল’ক জনআন্দোলন কৰাৰ আহ্বান-

বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে স্থানীয় সামগ্ৰী আদৰি ল’বলৈ আহ্বান জনাই মোদীয়ে কয় যে ‘ভোকাল ফৰ লোকেল’ক কেৱল শ্লোগান নহয়, বৰঞ্চ এক জনআন্দোলনত পৰিণত কৰিব লাগে । ইয়াৰ দ্বাৰা দেশৰ থলুৱা উদ্যোগীসকল উপকৃত হ’ব আৰু আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস পাব ।

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আশ্বাস দি কয় যে যিদৰে ভাৰতে ক’ভিডৰ দৰে ভয়াবহ সংকট অতিক্ৰম কৰিছিল, একেদৰে সমূহীয়া প্ৰচেষ্টাৰে এই বৰ্তমানৰ প্ৰত্যাহ্বানো অতিক্ৰম কৰিবলৈ সক্ষম হ’ব । চৰকাৰে জনসাধাৰণৰ ওপৰত যাতে গোলকীয় সংকটৰ প্ৰভাৱ নূন্যতম হয়, তাৰ বাবে অহৰহ কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : পশ্চিম এছিয়াৰ সংকটক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী; দেশবাসীক পুনৰ “ভকেল ফৰ লোকেল” হোৱাৰ আহ্বান