মঙলবাৰে শপত গ্ৰহণ : কোন হ’ব হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটৰ অংশীদাৰ ? আজি নিশা চূড়ান্ত হ’ব তালিকা

মঙলবাৰে শপত গ্ৰহণ : কোন হ’ব হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটৰ অংশীদাৰ ? আজি নিশা চূড়ান্ত হ’ব তালিকা

হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন কেবিনেটত অন্তৰ্ভুক্ত হ’বলগীয়া মন্ত্ৰীসকলৰ নাম বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হোৱা আলোচনাৰ পিছতহে চূড়ান্ত কৰা হ’ব অসমত কাইলৈ অৰ্থাৎ মঙলবাৰে গঠিত হ’বলৈ গৈ আছে নতুন চৰকাৰ । এই নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে এতিয়া সকলোৰে চকু নতুন কেবিনেটৰ

হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন কেবিনেটত অন্তৰ্ভুক্ত হ’বলগীয়া মন্ত্ৰীসকলৰ নাম বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হোৱা আলোচনাৰ পিছতহে চূড়ান্ত কৰা হ’ব

অসমত কাইলৈ অৰ্থাৎ মঙলবাৰে গঠিত হ’বলৈ গৈ আছে নতুন চৰকাৰ । এই নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে এতিয়া সকলোৰে চকু নতুন কেবিনেটৰ ওপৰত । আজি সোমবাৰে অসমৰ মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে নতুন কেবিনেটত অন্তৰ্ভুক্ত হ’বলগীয়া মন্ত্ৰীসকলৰ নাম বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হোৱা আলোচনাৰ পিছতহে চূড়ান্ত কৰা হ’ব ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে যে ফোনযোগে নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ সৈতে ব্যক্তিগতভাৱে আলোচনা কৰিয়েই সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে । তেওঁ কয়, “আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আজি নিশা ১০ বজাত গুৱাহাটীত উপস্থিত হ’ব । বিমানবন্দৰৰ পৰা হোটেললৈ যোৱাৰ পথত মই তেওঁৰ সৈতে নতুন মন্ত্ৰীসভাৰ সন্দৰ্ভত আলোচনা কৰি নামসমূহ চূড়ান্ত কৰিম ।”

জানিব পৰা মতে, মঙলবাৰে পুৱা শপত গ্ৰহণৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে নিৰ্বাচিত মন্ত্ৰীসকলক ফোনযোগে অৱগত কৰা হ’ব । খনাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই বিশাল শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিদেশী দূত আৰু বহু গণ্য-মান্য ব্যক্তি আজি নিশাৰ ভিতৰত গুৱাহাটীত উপস্থিত হ’ব ।

উল্লেখ্য যে, ১২৬ জনীয়া বিধানসভাত ৮২ খন আসন লাভ কৰা বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে পুনৰ এবাৰ অসমৰ শাসনভাৰ ল’বলৈ সাজু হৈছে । বুধবাৰৰ পৰাই নতুন চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে কাম আৰম্ভ কৰিব বুলি মনোনীত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । এতিয়া অপেক্ষা মাথোঁ মঙলবাৰৰ পুৱালৈ, যেতিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব নতুন অসম কেবিনেটৰ সদস্যসকলৰ নাম ।

লগতে পঢ়ক : কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ: খানাপাৰাত প্ৰস্তুতিৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী