তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!

তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!

মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা যোচেফ বিজয় চন্দ্ৰশেখৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে

মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা যোচেফ বিজয় চন্দ্ৰশেখৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে ।

প্ৰথম দিনাই জনহিতকৰ সিদ্ধান্ত-

কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী বিজয়ে দুটা গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে :

বিনামূলীয়া বিদ্যুৎ: প্ৰতিটো পৰিয়াললৈ ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগানৰ ফাইলত প্ৰথম স্বাক্ষৰ কৰে ।

মহিলাৰ সুৰক্ষা: নাৰী সুৰক্ষাক অগ্ৰাধিকাৰ দি ৰাজ্যত এক ‘বিশেষ সুৰক্ষা বাহিনী’ গঠনৰ নিৰ্দেশ দিয়ে ।

আৱেগিক ভাষণ আৰু বিৰোধীক আক্ৰমণ-

ৰাজ্যবাসীক সম্বোধন কৰি বিজয়ে অতি আৱেগিকভাৱে কয়, “মই কোনো ৰাজকীয় পৰিয়ালৰ সন্তান নহয় । মই এজন সাধাৰণ সহকাৰী পৰিচালকৰ পুত্ৰ আছিলো । চিনেমা জগতত ভৰি থোৱাৰ সপোন দেখা ল’ৰাটোক আপোনালোকে আজি মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে ।”

লগতে তেওঁ পূৰ্বৰ ডিএমকে চৰকাৰক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে বিগত চৰকাৰে ৰাজ্যখনৰ ওপৰত ১০ লাখ কোটি টকাৰ বিশাল ঋণৰ বোজা জাপি দিছে । এই সন্দৰ্ভত স্বচ্ছতা বজাই ৰাখিবলৈ অতি সোনকালে এখন ‘শ্বেতপত্ৰ’ জাৰি কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ।

নতুন মিত্ৰতাৰ ইংগিত ?

নিজৰ ভাষণত বিজয়ে তেওঁৰ চৰকাৰক সমৰ্থন দিয়াৰ বাবে কংগ্ৰেছ, ভিচিকে আৰু বাওঁপন্থী দলসমূহক ধন্যবাদ জ্ঞাপন কৰে । তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নতুন চৰকাৰত অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায় ।

দুৰ্নীতি আৰু ড্ৰাগছৰ বিৰুদ্ধে জেহাদ-

মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰত ক্ষমতাৰ একমাত্ৰ কেন্দ্ৰ তেওঁ নিজেই হ’ব আৰু কোনো ধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব । “জনসাধাৰণৰ এটা টকাও মই স্পৰ্শ নকৰোঁ,” বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ পৰা নিচাজাতীয় দ্ৰব্য নিৰ্মূল কৰাৰ বাবে কঠোৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে ।

তামিলনাডুত এতিয়া এক নতুন ধৰ্মনিৰপেক্ষ আৰু সামাজিক ন্যায়ৰ যুগ আৰম্ভ হ’ব বুলি জনসাধাৰণে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ