তামিলনাডুত 'থালাপতি' যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে TVKৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে তামিলগা ভেট্ৰি কাজাগাম (TVK) ৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নিজৰ

এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে TVKৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে তামিলগা ভেট্ৰি কাজাগাম (TVK) ৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নিজৰ অভিষেক নিৰ্বাচনতে ৰাজকীয় সফলতা লাভ কৰা জনপ্ৰিয় অভিনেতাগৰাকীক চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰে শপত বাক্য পাঠ কৰোৱায় ।

এই ঐতিহাসিক অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, বিজয়ৰ পিতৃ-মাতৃ, অভিনেত্ৰী তৃষা কৃষ্ণণৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি নবনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনায় । শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিজয়ে ৰাজ্যপালক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁৰ কেবিনেটৰ মনোনীত মন্ত্ৰীসকলৰ সৈতে পৰিচয় কৰাই দিয়ে ।

বিজয়ৰ এই প্ৰথম কেবিনেটত মুঠ ৯ জন নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । তেওঁলোক হ’ল— এন আনন্দ, আধাভ অৰ্জুন, কে এ চেংগোত্তিয়ান, কে জি অৰুণৰাজ, পি ভেংকটৰমণন, আৰ নিৰ্মলকুমাৰ, ৰাজমোহন, টি কে প্ৰভু আৰু এছ কীৰ্তনা ।

দ্ৰাবিড় ৰাজনীতিৰ অৱসান আৰু এক নতুন যুগ-

২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচন ৰাজ্যখনৰ ইতিহাসত সদায় স্মৰণীয় হৈ ৰ’ব । দশক দশক ধৰি ৰাজ্যখন শাসন কৰি অহা দুয়োটা শক্তিশালী ‘দ্ৰাবিড়’ দলক ক্ষমতাচ্যুত কৰি বিজয়ে এক অভূতপূৰ্ব জনমত লাভ কৰিবলৈ সক্ষম হয় । যদিও টিভিকে-এ ১০৮খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য আঁতৰত আছিল, তথাপিও কংগ্ৰেছ (৫), চিপিআই-এম (২), চিপিআই (২), ভিচিকে (২) আৰু আইইউএমএল (২) ৰ সমৰ্থনেৰে তেওঁ চৰকাৰ গঠন কৰে ।

জনতাৰ ‘থালাপতি’-

নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজয়ৰ জনপ্ৰিয়তা আৰু জনসমুদ্ৰই প্ৰাক্তন মুখ্যমন্ত্ৰী এম জি ৰামচন্দ্ৰনৰ (MGR) দিনবোৰলৈ মনত পেলাই দিছিল । কেপ্তেইন বিজয়কান্তৰ পিছত তামিলনাডুৰ ৰাজনীতিত এজন শক্তিশালী অভিনেতা-ৰাজনীতিবিদৰ অভাৱ বিজয়ে পূৰণ কৰিব বুলি অনুগামীসকলে আশা প্ৰকাশ কৰিছে ।

নিজৰ ছবিত ড্ৰাগছ, দুৰ্নীতি আৰু সামাজিক সমস্যাৰ বিৰুদ্ধে মাত মাতি অহা বিজয়ে ২০০৯ চনৰ পৰাই সমাজসেৱাৰ সৈতে জড়িত হৈ আছিল । ২০২৬ চনৰ এই নিৰ্বাচনত তেওঁ পেৰাম্বুৰ আৰু ত্ৰিচী ইষ্ট— এই দুয়োখন আসনৰ পৰাই জয়লাভ কৰিছে, যাৰ ভিতৰত এখনৰ পৰা তেওঁ ত্ৰিচী ইষ্ট আসনখন ত্যাগ কৰিছে । ধৰ্মনিৰপেক্ষ ৰাজনীতি আৰু সামাজিক ন্যায়ৰ শ্লোগানেৰে বিজয়ৰ এই নতুন যাত্ৰাই তামিলনাডুৰ উন্নয়নক এক নতুন মাত্ৰা দিব বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক : তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি! কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব থালাপতিয়ে