ৰাজস্থানক ৭৭ ৰাণত ধূলিসাৎ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত গুজৰাট টাইটানছ

ৰাজস্থানক ৭৭ ৰাণত ধূলিসাৎ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত গুজৰাট টাইটানছ

গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে আইপিএল ২০২৬-ৰ শনিবাৰে অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই বিজয়ৰ লগে লগে গুজৰাটে পইণ্ট তালিকাত

গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে

আইপিএল ২০২৬-ৰ শনিবাৰে অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই বিজয়ৰ লগে লগে গুজৰাটে পইণ্ট তালিকাত এক দীঘলীয়া জাঁপ মাৰি পঞ্চম স্থানৰ পৰা পোনপটীয়াকৈ দ্বিতীয় স্থান দখল কৰিছে ।

গীল আৰু চাই সুদৰ্শনৰ বেটিং তাণ্ডৱ-

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২২৯ ৰাণৰ এক বিশাল লক্ষ্য থিয় কৰায় । অপেনাৰ শুভমন গীল আৰু চাই সুদৰ্শনে আৰম্ভণিৰে পৰাই ৰাজস্থানৰ বলাৰসকলৰ ওপৰত আক্ৰমণ চলায় । চাই সুদৰ্শনে মাত্ৰ ৩০ বলত অৰ্ধশতক অৰ্জন কৰি ৫৫ ৰাণত আউট হয় । আনহাতে, অধিনায়ক গীলে ৮৪ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । শেষৰ ফালে ৱাশ্বিংটন সুন্দৰে ৩৭ ৰাণৰ বৰঙণি যোগায় । দুয়োৰে মাজত হোৱা ১১৮ ৰাণৰ অংশীদাৰিত্বই গুজৰাটৰ বিশাল স্ক’ৰৰ ভেটি গঢ়ি তোলে ।

বিফল ৰাজস্থানৰ বেটিং লাইন আপ-

২৩০ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ৰাজস্থানৰ আৰম্ভণি আশাব্যঞ্জক আছিল । বৈভৱে ১৬ বলত ৩৬ ৰাণ কৰি আশা জগাইছিল যদিও তেওঁ আউট হোৱাৰ পিছতেই দলটোৰ বেটিং বিপর্যয় আৰম্ভ হয় । তাৰকা বেটাৰ যশস্বী জয়ছোৱালে মাত্ৰ ৩ ৰাণ কৰি হতাশ কৰে । ধ্ৰুৱ জুৰেলে ২৪ ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই ৩৮ ৰাণ কৰি যুঁজ দিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল । শেষত ৰাজস্থানৰ ইনিংছ ১৫২ ৰাণতে খহি পৰে ।

ৰছিদ খানৰ চমকপ্ৰদ বলিং-

গুজৰাটৰ জয়ৰ মূল নায়ক হিচাপে ধৰা দিলে তাৰকা স্পীনাৰ ৰছিদ খান । তেওঁ ধাৰাবাহিক উইকেট দখল কৰি ৰাজস্থানৰ বেটিং কঁকাল ভাঙি দিয়ে আৰু অকলেই ৪টা উইকেট দখল কৰে । তেওঁক যোগ্য সংগত দি জেছন হোল্ডাৰে ৩টা আৰু কাগিছো ৰাবাদাই ২টা উইকেট লাভ কৰে ।

পইণ্ট তালিকাৰ সমীকৰণ এই জয়ৰ পাছত পইণ্ট তালিকাত ডাঙৰ সালসলনি ঘটিছে । গুজৰাট এতিয়া দ্বিতীয় স্থানত থকাৰ বিপৰীতে পঞ্জাৱ কিংছ তৃতীয় আৰু আৰ চি বি চতুৰ্থ স্থানলৈ অৱনমিত হৈছে । আনহাতে, পৰাজয়ৰ গ্লানিৰে ৰাজস্থান ৰয়েলছ চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ পিছুৱাই গৈছে ।

লগতে পঢ়ক : আই পি এলত সঞ্জু চেমছনৰ ইতিহাস; বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ