জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ নেতৃত্বাধীন TVK দলে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে
তামিলনাডুৰ ৰাজনীতিত অৱশেষত চৰকাৰ গঠনক লৈ চলি থকা অনিশ্চয়তাৰ অন্ত পৰিবলৈ আগবাঢ়িছে । জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ নেতৃত্বাধীন ‘তামিলিগা ভেট্ৰি কাঝাগম’ (TVK) দলে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । কংগ্ৰেছৰ পিছত আন তিনিটা গুৰুত্বপূৰ্ণ দলে সমৰ্থন আগবঢ়োৱাৰ লগে লগে বিজয়ৰ চৰকাৰ গঠনৰ পথ সম্পূৰ্ণ প্ৰশস্ত হৈ পৰিছে ।
কিদৰে পূৰণ হ’ল ১১৯-ৰ অংক ?
তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ‘যাদুকৰী সংখ্যা’ হৈছে ১১৮ । নিৰ্বাচনত থালাপতি বিজয়ৰ দল টি.ভি.কে.-য়ে ১০৮খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পূৰ্বে কংগ্ৰেছে ৫ খন আসনসহ সমৰ্থন দিছিল যদিও সংখ্যাটো ১১৩ ত থমকি ৰৈছিল । কিন্তু শেহতীয়াভাৱে বাওঁপন্থী দল চি.পি.আই., চি.পি.এম. আৰু ভি.চি.কে.-য়ে বিজয়ক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
মৰ্চাৰ আসনৰ সবিশেষ :
টি.ভি.কে: ১০৮
কংগ্ৰেছ: ৫
চি.পি.আই: ২
চি.পি.এম: ২
ভি.চি.কে: ২
মুঠ আসন: ১১৯ (যাদুকৰী সংখ্যাতকৈ ১ খন বেছি)
ৰাজ্যপালৰ কঠোৰ স্থিতি আৰু বিজয়ৰ যুঁজ-
উল্লেখনীয় যে ইয়াৰ পূৰ্বে বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছিল যদিও ৰাজ্যপালে স্পষ্ট সংখ্যাগৰিষ্ঠতা অবিহনে কোনো অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল । ৰাজ্যপালে ১১৮ জন বিধায়কৰ স্বাক্ষৰিত সমৰ্থন পত্ৰ বিচাৰি দুবাৰকৈ বিজয়ক ওভতাই পঠিয়াইছিল । ৰাজ্যপালৰ এই স্থিতিক লৈ আইনী আৰু ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । বহু বিশেষজ্ঞৰ মতে, সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষা ৰাজভৱনৰ পৰিৱৰ্তে বিধানসভাৰ মজিয়াতহে হোৱা উচিত ।
আজি বিয়লি ঘোষণাৰ সম্ভাৱনা-
আজি বিয়লি আটাইকেইটা মিত্ৰদলৰ নেতাসকলে এক যুটীয়া সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে । এই সংবাদমেলতে বিজয়ৰ প্ৰতি থকা সমৰ্থনৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব । ইয়াৰ পিছতে থলপতি বিজয়ে পুনৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ নতুন দাবী উত্থাপন কৰিব ।
তামিলনাডুৰ ৰাজনীতিত এই পৰিৱৰ্তনে এতিয়া এক নতুন জোৱাৰ আনিছে । অভিনেতাৰ পৰা জননেতালৈ ৰূপান্তৰিত হোৱা বিজয়ৰ এই ৰাজনৈতিক জয়ে দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : ‘ৰাজ্যপালে বিজেপিৰ পক্ষ লৈছে’; দ্বিতীয়বাৰ ৰাজভৱনৰ পৰা খালী হাতেৰে উভতিল থালাপথী বিজয়









