উৎকণ্ঠাৰ অৱসান! ৪ দলৰ সমৰ্থনত বিজয়ৰ হাতত এতিয়া ‘যাদুকৰী সংখ্যা’

জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ নেতৃত্বাধীন TVK দলে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে

তামিলনাডুৰ ৰাজনীতিত অৱশেষত চৰকাৰ গঠনক লৈ চলি থকা অনিশ্চয়তাৰ অন্ত পৰিবলৈ আগবাঢ়িছে । জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ নেতৃত্বাধীন ‘তামিলিগা ভেট্ৰি কাঝাগম’ (TVK) দলে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । কংগ্ৰেছৰ পিছত আন তিনিটা গুৰুত্বপূৰ্ণ দলে সমৰ্থন আগবঢ়োৱাৰ লগে লগে বিজয়ৰ চৰকাৰ গঠনৰ পথ সম্পূৰ্ণ প্ৰশস্ত হৈ পৰিছে ।

কিদৰে পূৰণ হ’ল ১১৯-ৰ অংক ?

তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ‘যাদুকৰী সংখ্যা’ হৈছে ১১৮ । নিৰ্বাচনত থালাপতি বিজয়ৰ দল টি.ভি.কে.-য়ে ১০৮খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পূৰ্বে কংগ্ৰেছে ৫ খন আসনসহ সমৰ্থন দিছিল যদিও সংখ্যাটো ১১৩ ত থমকি ৰৈছিল । কিন্তু শেহতীয়াভাৱে বাওঁপন্থী দল চি.পি.আই., চি.পি.এম. আৰু ভি.চি.কে.-য়ে বিজয়ক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মৰ্চাৰ আসনৰ সবিশেষ :

টি.ভি.কে: ১০৮

কংগ্ৰেছ: ৫

চি.পি.আই: ২

চি.পি.এম: ২

ভি.চি.কে: ২

মুঠ আসন: ১১৯ (যাদুকৰী সংখ্যাতকৈ ১ খন বেছি)

ৰাজ্যপালৰ কঠোৰ স্থিতি আৰু বিজয়ৰ যুঁজ-

উল্লেখনীয় যে ইয়াৰ পূৰ্বে বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছিল যদিও ৰাজ্যপালে স্পষ্ট সংখ্যাগৰিষ্ঠতা অবিহনে কোনো অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল । ৰাজ্যপালে ১১৮ জন বিধায়কৰ স্বাক্ষৰিত সমৰ্থন পত্ৰ বিচাৰি দুবাৰকৈ বিজয়ক ওভতাই পঠিয়াইছিল । ৰাজ্যপালৰ এই স্থিতিক লৈ আইনী আৰু ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । বহু বিশেষজ্ঞৰ মতে, সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষা ৰাজভৱনৰ পৰিৱৰ্তে বিধানসভাৰ মজিয়াতহে হোৱা উচিত ।

আজি বিয়লি ঘোষণাৰ সম্ভাৱনা-

আজি বিয়লি আটাইকেইটা মিত্ৰদলৰ নেতাসকলে এক যুটীয়া সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে । এই সংবাদমেলতে বিজয়ৰ প্ৰতি থকা সমৰ্থনৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব । ইয়াৰ পিছতে থলপতি বিজয়ে পুনৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ নতুন দাবী উত্থাপন কৰিব ।

তামিলনাডুৰ ৰাজনীতিত এই পৰিৱৰ্তনে এতিয়া এক নতুন জোৱাৰ আনিছে । অভিনেতাৰ পৰা জননেতালৈ ৰূপান্তৰিত হোৱা বিজয়ৰ এই ৰাজনৈতিক জয়ে দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ‘ৰাজ্যপালে বিজেপিৰ পক্ষ লৈছে’; দ্বিতীয়বাৰ ৰাজভৱনৰ পৰা খালী হাতেৰে উভতিল থালাপথী বিজয়

কাৰুৰ পদপৃষ্ট ট্ৰেজেদি: দক্ষিণৰ অভিনেতা থালাপাতি বিজয়ক CBI ৰ জেৰা

কাৰুৰ পদপৃষ্ট কাণ্ডৰ বাবে আজি দক্ষিণৰ অভিনেতা থালাপাতি বিজয়ক জেৰা চলাই আছে CBI এ। থালাপাতি বিজয়ৰ এখন ৰাজহুৱা সভাৰ ভাষণৰ সময়ত সংঘটিত হৈছিল ঘটনাটো।

অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা থালাপাতি বিজয়ক যোৱা বছৰ সংঘটিত হোৱা কাৰুৰ পদপৃষ্ট গোচৰৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (CBI)য়ে জেৰা কৰি আছে।

পুৱাই চেন্নাইৰ পৰা চাৰ্টাৰ্ড বিমানেৰে নতুন দিল্লীত উপস্থিত হয় থালাপাতি বিজয়।বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে চিবিআইৰ মুখ্য কাৰ্যালয়লৈ যায় অভিনেতা গৰাকী।

উল্লেখ্য যে, ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰত তামিলনাডুৰ কাৰুৰ জিলাত বিজয়ৰ দল তামিলাগা ভেট্ৰি কাঝাগাম (টিভিকে)ৰ উদ্যোগত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল।

এই সভাখনত যেতিয়া বিজয়ে ভাষণ দিবলৈ আহিছিল, তেতিয়া হুলস্থুলৰ সৃষ্টি হৈছিল, যাৰ ফলত ৪১ জন লোকৰ মৃত্যু হৈছিল।এই সন্দৰ্ভত আজি চিবিআইৰ সন্মুখত হাজিৰ হৈছে থালাপাতি বিজয়।

ৰাজহুৱা সভাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত চিবিআইয়ে থালাপাতি বিজয়ক কঠোৰভাৱে প্ৰশ্ন কৰি আছে। থালাপাতি বিজয়ক CBI এ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে।

এই জেৰা সন্ধিয়া প্ৰায় ৭ মান বজালৈকে চলি থাকিব বুলি জানিব পৰা গৈছে। তদন্তৰ অংশ হিচাপে সংস্থাটোৱে ইতিমধ্যে নতুন দিল্লীত TVK ৰ কেইবাজনো জ্যেষ্ঠ নেতাক জেৰা কৰিছে।

লগতে পঢ়ক: পত্নী আৰু কণমানি কন্যা সন্তানক এৰি প্ৰশান্ত তামাঙে ল’লে চিৰ বিদায়; ছলমান খানৰ সৈতে অন্তিমখন ছবি