পত্নী আৰু কণমানি কন্যা সন্তানক এৰি প্ৰশান্ত তামাঙে ল'লে চিৰ বিদায়; ছলমান খানৰ সৈতে অন্তিমখন ছবি

পত্নী আৰু কণমানি কন্যা সন্তানক এৰি প্ৰশান্ত তামাঙে ল’লে চিৰ বিদায়; ছলমান খানৰ সৈতে অন্তিমখন ছবি

৪৩ বছৰ বয়সত আকস্মিকভাৱে মৃত্যুক আকোৱিলা লয় প্ৰশান্ত তামাঙে । ছলমান খানৰ সৈতে তেওঁ অন্তিমখন ছবিত কৰিছিল অভিনয় । কণ্ঠশিল্পী-অভিনেতা প্ৰশান্ত তামাঙৰ দেওবাৰে দেহাৱসান ঘটে । ৪৩ বছৰ বয়সত আকস্মিকভাৱে তেওঁৰ মৃত্যু হয় । অভিনেতা তথা গায়কগৰাকীৰ মৃত্যুত তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকল শোকত ভাগি পৰিছে

৪৩ বছৰ বয়সত আকস্মিকভাৱে মৃত্যুক আকোৱিলা লয় প্ৰশান্ত তামাঙে । ছলমান খানৰ সৈতে তেওঁ অন্তিমখন ছবিত কৰিছিল অভিনয় ।

কণ্ঠশিল্পী-অভিনেতা প্ৰশান্ত তামাঙৰ দেওবাৰে দেহাৱসান ঘটে । ৪৩ বছৰ বয়সত আকস্মিকভাৱে তেওঁৰ মৃত্যু হয় । অভিনেতা তথা গায়কগৰাকীৰ মৃত্যুত তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকল শোকত ভাগি পৰিছে । প্ৰশান্তৰ ইণ্ডিয়ান আইডল ৩ৰ সহযোগী প্ৰতিযোগী ভৱেন ধনকে আজি পুৱা (১১ জানুৱাৰীত) দিল্লীত প্ৰশান্ত তামাঙৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে ।

ইণ্ডিয়ান আইডল পৰিয়ালে জনাব শ্ৰদ্ধাঞ্জলি-

প্ৰশান্তৰ মৃত্যুত ভৱেনক শোকত ভাগি পৰা দেখা যায় । তেওঁ কয়, “এই সকলোবোৰ হঠাতে ঘটিছে, গতিকে আমাৰ হাতত এতিয়াও বিশেষ তথ্য নাই । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি খবৰ ওলাইছে । আমি অন্ত্যেষ্টিক্ৰিয়াৰ তথ্যৰ বাবে অপেক্ষা কৰি আছো ।”

তেওঁ কয় “প্ৰশান্ত কেইবছৰমান পূৰ্বে দিল্লীলৈ গুচি গৈছিল আৰু অভিনয়ৰ লগতে গানৰ প্ৰতিও আকৰ্ষিত আছিল । ইণ্ডিয়ান আইডলৰ সময়ত আমি দুয়ো ৰুমমেট আছিলো । তেওঁ আছিল এজন অতি ধুনীয়া ব্যক্তি । আমি সকলোৱে তেওঁক বহুত মিছ কৰিম । তেওঁ সঁচাকৈয়ে আছিল এজন আচৰিত মানুহ আৰু তেওঁৰ মৃত্যু আমাৰ সকলোৰে বাবে এক ডাঙৰ আঘাত ।”

ভৱেনে লগতে কয় যে ইণ্ডিয়ান আইডলৰ কিছু প্ৰতিযোগী আজি মুম্বাইত লগ হোৱাৰ কথা আছিল, কিন্তু প্ৰশান্ত দিল্লীত থকাৰ বাবে আহিব নোৱাৰিলে । এতিয়া, আমি সকলোৱে একত্ৰিত হৈ তেওঁৰ স্মৃতি আৰু তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰিম । আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাম ।

মৃত্যুৰ সময়ত প্ৰশান্ত তামাঙে পত্নী গীতা থাপা আৰু এগৰাকী কণমানি কন্যা আৰিয়াক এৰি থৈ যায় । লগতে তেওঁৰ আইতাক আৰু ভগ্নীক এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে । প্ৰশান্তে সঘনাই নিজৰ ইনষ্টাগ্ৰামত কন্যা আৰু পত্নীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল ।

শেহতীয়াকৈ প্ৰশান্ত তামাঙে ছলমান খানৰ ছবি “দ্য বেটল অৱ গালৱান”ৰ শ্বুটিং সম্পূৰ্ণ কৰিছিল, যিখন ছবি তেওঁৰ অনুৰাগীৰ বাবে তেওঁৰ শেষ স্মৰণীয় ছবি হ’ব । ইয়াৰ টিজাৰো তেওঁ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । প্ৰশান্ত তামাঙৰ এই পোষ্টত অনুৰাগীসকলে মন্তব্য কৰি কয় যে, “আপুনি ছবিখন সম্পূৰ্ণ হোৱাৰ আগতেই গুচি গৈছে । আপোনাক বহুত মিছ কৰিম ।”

লগতে পঢ়ক : ধুৰন্ধৰৰ ৰেকৰ্ড ভংগ ‘দ্য ৰাজা চাব’ৰ; প্ৰথমদিনাই উপাৰ্জন কৰিলে…