টিভিকেৰ মুৰব্বী থালাপথী বিজয়ে ১১২জন বিধায়কৰ সমৰ্থন দাবী কৰাৰ পিছতো চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নাপালে। যাৰ বাবে সমৰ্থকসকল ক্ষুব্ধ হৈ পৰিছে।
বৰ্তমান তামিলনাডুৰ ৰাজনীতিত এক তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।আজি দ্বিতীয়বাৰৰ বাবে ৰাজভৱনত উপস্থিত হয় টিভিকেৰ মুৰব্বী থালাপথী বিজয়,কিন্তু এইবাৰো চৰকাৰ গঠনৰ নিমন্ত্ৰণ নোপোৱাত তেওঁ খালী হাতেৰে উভতি আহিবলগীয়া হয়। তেওঁৰ স্পষ্ট অভিযোগ যে ৰাজ্যপালে ইচ্ছাকৃতভাৱে পলম কৰি বিজেপিৰ পক্ষ লৈছে।
বিজয়ৰ হৈ এটা দাবী উত্থাপন কৰা হৈছে যে,তেওঁলোকৰ ওচৰত ১১২ জন বিধায়কৰ সমৰ্থন আছে,ইয়াৰ ভিতৰত কংগ্ৰেছৰ বিধায়কসকলো আছে।ইয়াৰ পিছতো তেওঁলোকক চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ কৰা হোৱা নাছিল।ইয়াৰ বাবে ক্ষুব্ধ হৈ দলীয় কৰ্মীসকলে চেন্নাইৰ ৰাজভৱনৰ বাহিৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।









