মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই আজি দাখিল কৰিব পদত্যাগ পত্ৰ

 মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই আজি দাখিল কৰিব পদত্যাগ পত্ৰ   

আজি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ বিপুল বিজয়ৰ পিছত ৰাজ্যখনত নতুন বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।দিনৰ

আজি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ বিপুল বিজয়ৰ পিছত ৰাজ্যখনত নতুন বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।দিনৰ ১১:৩০ বজাত ৰাজ্যপালৰ বাসভৱনলৈ গৈ ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰিব।১০ মে’ত পুনৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।  

 বিজয়ৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপি কেন্দ্ৰীয় নেতৃত্বই বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দলৰ জ্যেষ্ঠ নেতাসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। তেওঁ লগতে কয় যে নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকৰ সময়সূচী সন্দৰ্ভত তেওঁ অতি সোনকালেই জে.পি. নাড্ডাৰ সৈতে কথা পাতিব।তেওঁ লগতে কয় “পৰ্যবেক্ষকসকলে আমাক বিধায়কসকলৰ বৈঠক আহ্বান কৰিবলৈ কোৱাৰ লগে লগে আমি সেইটো কৰিম। তাৰ পিছতহে শপত গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব,” ।

শৰ্মাই লগতে উল্লেখ কৰে যে নিৰ্বাচন আয়োগে চৰকাৰীভাৱে চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পিছত, তেওঁ আনুষ্ঠানিকভাৱে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব যাতে নতুন চৰকাৰ গঠনৰ সাংবিধানিক প্ৰক্ৰিয়াটো সুচাৰুৰূপে আগবাঢ়ি যায়।

লগতে পঢ়ক: “মোৰ প্ৰথম ভৱিষ্যদ্বাণী সঁচা হ’ল”: দেৱব্ৰত শইকীয়াৰ পৰাজয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া