পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী

পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী

দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্যখনৰ ৰাজনীতিত এক অভূতপূৰ্ব জোকাৰণিৰ সৃষ্টি কৰিছে । দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে । ডাবল চেঞ্চুৰী কোবাই ৰাজ্যখনত ইতিহাস ৰচি শাসনৰ গাদী

দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে

২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্যখনৰ ৰাজনীতিত এক অভূতপূৰ্ব জোকাৰণিৰ সৃষ্টি কৰিছে । দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে । ডাবল চেঞ্চুৰী কোবাই ৰাজ্যখনত ইতিহাস ৰচি শাসনৰ গাদী দখল কৰিছে বিজেপিয়ে । ইঈফালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শাসকীয় তৃণমূলৰ ৩৫ জন মন্ত্ৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰীয়েই নিজৰ সমষ্টিত পৰাজয়বৰণ কৰিছে ।

মন্ত্ৰীসভাৰ বিপৰ্যয় আৰু জনতাৰ ৰায়-

তৃণমূলৰ মন্ত্ৰীসভাৰ প্ৰায় ৬৩ শতাংশ সদস্যই এই নিৰ্বাচনত পৰাজিত হোৱাটোৱে দলটোৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ তীব্ৰ অসন্তুষ্টি প্ৰতিফলিত কৰিছে । এয়া কেৱল এজন বা দুজন নেতাৰ পৰাজয় নহয়, বৰঞ্চ তৃণমূলৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে এক সংগঠিত প্ৰত্যাখ্যান বুলি বিবেচিত হৈছে ।

পৰাজিত হোৱা হাই-প্ৰফাইল মন্ত্ৰীসকল :

ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীসকল এইবাৰ ধৰাশায়ী হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল:

ৱানীপুৰ: মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শোচনীয় পৰাজয় ।

টলীগঞ্জ: অৰূপ বিশ্বাস (গৃহ নিৰ্মাণ আৰু শক্তি মন্ত্ৰী)।

দমদম: ব্ৰাত্য বসু (শিক্ষা মন্ত্ৰী)।

উত্তৰ দমদম: চন্দ্ৰিমা ভট্টাচাৰ্য (বিত্ত আৰু পৰিৱেশ মন্ত্ৰী)।

শ্যামপুকুৰ: শশী পাঁজা (উদ্যোগ আৰু মহিলা-শিশু উন্নয়ন মন্ত্ৰী)।

দিনহাটা: উদয়ন গুহ (উত্তৰ বংগ উন্নয়ন মন্ত্ৰী)।

ইয়াৰ উপৰি সুজিত বসু, ইন্দ্ৰনীল সেন, বেচাৰাম মান্না, মলয় ঘটক আৰু ছিদ্দিকুল্লাহ চৌধুৰীৰ দৰে প্ৰভাৱশালী নেতাসকলেও নিজৰ আসন সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হয় ।

বিজেপিৰ ঐতিহাসিক জয়-

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, পশ্চিমবংগত বিজেপিয়ে এক বিশাল অগ্ৰগতি লাভ কৰি ইতিহাস সৃষ্টি কৰিছে । ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে । আনহাতে, তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছে ।

ভোটৰ ব্যৱধান আৰু বিশেষ পৰাজয় :

-শ্যামপুকুৰত শশী পাঁজাক বিজেপিৰ পূৰ্ণিমা চক্ৰৱৰ্তীয়ে ১৪,৬০০ তকৈ অধিক ভোটত পৰাজিত কৰে।

-গগাটত নিৰ্মাল মাঝি প্ৰায় ৪৯,৫০০ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত হয়।

-দুৰ্গাপুৰ পূৰ্বত প্ৰদীপ মজুমদাৰ ৩০,৯০০ তকৈ অধিক ভোটত হাৰে।

এই ফলাফলে স্পষ্ট কৰি দিছে যে পশ্চিমবংগৰ ভোটাৰে এইবাৰ পৰিৱৰ্তনৰ সপক্ষে আৰু বিজেপিৰ সু-শাসনৰ প্ৰতি আস্থা প্ৰকট কৰিছে । ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হোৱাটো এতিয়া কেৱল আনুষ্ঠানিকতাহে মাত্ৰ ।

লগতে পঢ়ক : পশ্চিম বংগত বিজেপিৰ ছুনামী; ১৫ বছৰৰ পিছত মমতাৰ বিদায়