১৯ খন আসনতে থমকিল কংগ্ৰেছ : ১৮জন সংখ্যালঘু বিধায়কৰ বিপৰীতে কেৱল এখন হিন্দু মুখ

১৯ খন আসনতে থমকিল কংগ্ৰেছ : ১৮জন সংখ্যালঘু বিধায়কৰ বিপৰীতে কেৱল এখন হিন্দু মুখ

কংগ্ৰেছে মাত্ৰ ১৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ লগতে দলটোৰ দুৰ্গ হিচাপে পৰিচিত অঞ্চলসমূহ এতিয়া কেৱল সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই অসমত ঘোষণা হ’ল বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকূশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে

কংগ্ৰেছে মাত্ৰ ১৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ লগতে দলটোৰ দুৰ্গ হিচাপে পৰিচিত অঞ্চলসমূহ এতিয়া কেৱল সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে

অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই অসমত ঘোষণা হ’ল বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকূশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । ৮২ খন আসন লাভেৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দাবী মজবুত কৰিছে বিজপিয়ে । ইফালে েই নিৰ্বাচনত কংগ্ৰেছ দল কেৱল ১৯ খন আসনতে থমকি ৰোৱাৰ লগতে বিজেপিৰ মিত্ৰ দল বিপিএফ আৰু অগপই ১০ খনকৈ আসন লাভ কৰে ।

ইফালে অসম বিধানসভাৰ শেহতীয়া নিৰ্বাচনী ফলাফলে উদঙাই দিছে এক বিশেষ ৰাজনৈতিক ছবি । ৰাজ্যৰ অন্যতম পুৰণি দল কংগ্ৰেছে মাত্ৰ ১৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ লগতে দলটোৰ ‘দুৰ্গ’ হিচাপে পৰিচিত অঞ্চলসমূহ এতিয়া কেৱল সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে ।

১৮ বনাম ১: হিন্দু বিধায়ক মাত্ৰ এজন

নিৰ্বাচনী ফলাফলত প্ৰকাশ পাইছে এক আচৰিত তথ্য । কংগ্ৰেছৰ পৰা জয়ী হোৱা ১৯জন বিধায়কৰ ভিতৰত ১৮জনেই সংখ্যালঘু সম্প্ৰদায়ৰ । আনহাতে, সমগ্ৰ দলটোৰ পৰা জয়ী হোৱা একমাত্ৰ হিন্দু বিধায়কগৰাকী হৈছে নাওবৈচা সমষ্টিৰ জয়প্ৰকাশ দাস ।

সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছ প্ৰাৰ্থীসকলে বিশাল ব্যৱধানেৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে । কোন কোন জয়ী হ’ল-

-পৰ্বতঝোৰা সমষ্টিত আশ্ৰাফুল ইছলাম শ্বেখ ৯,০২২ টা ভোটত জয়লাভ

-গৌৰীপুৰ আব্দুছ ছোবাহান আলী সৰকাৰৰ ১,১৯,০৯৭টা ভোটত জয়লাভ

-ধুবুৰীৰ বেবী বেগমৰ ৬৮,৬৬১টা ভোটত জয়লাভ

-বীৰছিং জৰোৱাত ৱাজেদ আলী চৌধুৰীৰ ৩৫,৮৮৫টা ভোটত জয়লাভ

-জলেশ্বৰত আফতাবউদ্দিন মোল্লাৰ ১,০৯,৬৮৮টা ভোটত জয়লাভ

গোৱালপাৰা পূৱত আব্দুল কালাম ৰছিদ আলমৰ ৫১,২৬১টা ভোটত জয়লাভ

-সৃজনগ্ৰামত নুৰুল ইছলামৰ ১৮,৩০৫টা ভোটত জয়লাভ

-চেঙা আব্দুৰ ৰহিম আহমেদৰ ৮৭,৩৪৯ টা ভোটত জয়লাভ

-পাকা বেতবাৰীত জাকিৰ হুছেইন শিকদাৰ ৬৫,২৬৭টা ভোটত জয়লাভ

-ছমৰীয়াত ৰেকিবুদ্দিন আহমেদ ৭৮,৬৯৬টা ভোটত জয়লাভ

-লাহৰীঘাটত ড০ আছিফ মহম্মদ নাজাৰৰ ৬৬,২৯৫টা ভোটত জয়লাভ

-ৰূপহীহাটত নুৰুল হুদাৰ ৬৯,৭৬৬টা ভোটত জয়লাভ

-চামগুৰিত তাঞ্জিল হুছেইনৰ ১,০৮,৩১০ টা ভোটত জয়লাভ

-নাওবৈচাত ড০ জয়প্ৰকাশ দাসৰ ২৩,৭৫১ টা ভোটত জয়লাভ

-সোনাইত আমিনুল হক লস্কৰৰ ২৭,১৭০ টা ভোটত জয়লাভ

-আলগাপুৰ কাটলিছেৰাত জুবেৰ আনম মজুমদাৰৰ ১,০৫,৪৪৮ টা ভোটত জয়লাভ

-কৰিমগঞ্জ উত্তৰ সমষ্টিত জাকাৰিয়া আহমেদৰ ২৬,০০৩ টা ভোটত জয়লাভ

-কৰিমগঞ্জ দক্ষিণ সমষ্টিত আমিনুৰ ৰছিদ চৌধুৰীৰ ৮৬,৬৩২ টা ভোটত জয়লাভ

উল্লেখ্য যে, এসময়ত সমগ্ৰ অসম জুৰি আধিপত্য চলোৱা কংগ্ৰেছ দলটো এতিয়া বিশেষ কিছুমান পকেটত আৱদ্ধ হৈ পৰাটোৱে ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে । উজনি অসমৰ পৰা প্ৰায় শূন্য হৈ পৰা দলটোৰ বাবে নাওবৈচাৰ জয়প্ৰকাশ দাসেই এতিয়া একমাত্ৰ অ-সংখ্যালঘু মুখ ।

লগতে পঢ়ক : তেওঁৰ প্ৰতি কোনো বিদ্বেষ নাই: গৌৰৱ গগৈক পৰাস্ত কৰি মন্তব্য হিতেন্দ্ৰ নাথ গোস্বামীৰ