অভিনয় ত্যাগ কৰি প্ৰথবাৰলৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া অভিনেতা থালাপথী বিজয়ে তামিলনাডুত ধুমুহাৰ সৃষ্টি কৰিছে।
ছবি এৰি প্ৰথমবাৰলৈ ৰাজনীতিত খোজ দিয়া থালাপথী বিজয়ে ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে। তামিলনাডু বিধানসভা নিৰ্বাচন ২০২৬-ৰ ফলাফল ঘোষণাৰ পূৰ্বে অহা প্ৰাৰম্ভিক ধাৰাসমূহে ৰাজ্যখনৰ ৰাজনীতিত এক নতুন জোকাৰণিৰ সৃষ্টি কৰিছে। অভিনেতা বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগম (TVK)-এ ১০৮ খন আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে, যাৰ ফলত চেন্নাইৰ ৰাজনৈতিক মহলত সম্ভাব্য মিত্ৰজোঁটক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনৰ ১০৭ খন আসনত অগ্ৰগতি লাভ কৰাৰ পিছত TVK কৰ্মীসকলে ব্যাপক আনন্দ উল্লাস কৰা দেখা গৈছে।
বিজয় নিজেই তিৰুচিৰাপল্লী (পূব) সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ পিছত ১৬৫৭৯ টা ভোট লাভ কৰি ৬৪৯৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।
ইফালে, ডিএমকে (DMK)-ৰ নেতৃত্বত থকা চেকুলাৰ প্ৰগ্ৰেছিভ এলায়েন্স (SPA)-ৰ প্ৰদৰ্শন অতি দুৰ্বল দেখা গৈছে, তেওঁলোকে মাত্ৰ ৪৫খন আসনতহে অগ্ৰগতি লাভ কৰিছে। মিত্ৰজোঁটটোৰ ভিতৰত ডিএমকে এতিয়ালৈকে সৰ্ববৃহৎ দল যদিও তেওঁলোক মাত্ৰ ৪৩খন আসনত আগবাঢ়ি আছে, যিটো ১০০খন আসন জিকাৰ লক্ষ্যতকৈ বহু পিছত। এআইএডিএমকে (AIADMK)-ৰ নেতৃত্বত থকা এনডিএ (NDA) মিত্ৰজোঁট ৬৫খন আসনত অগ্ৰগতিৰে দ্বিতীয় স্থানত আছে।
দৰাচলতে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বেও এ আই এ ডি এম কে আৰু বিজয়ৰ দলৰ মাজত মিত্ৰতা সন্দৰ্ভত আলোচনা হৈছিল। ২০২৫ চনৰ শেষৰ ফালে এআইএডিএমকে টিভিকেৰ সৈতে সম্ভাৱ্য মিত্ৰতাৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। কিন্তু এই কথা-বতৰা আৰু আগবাঢ়িব নোৱাৰিলে।
থালাপথী বিজয়ৰ দল TVK এ ১০৭ খন আসনত অগ্ৰগতি লাভ কৰাৰ পিছতেই তেওঁৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
লগতে পঢ়ক: বংগত মমতাৰ দুৰ্গ কঁপাই প্ৰচণ্ড বহুমতৰ দিশে বিজেপি









