ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সলনি হৈছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট। মধ্য গুৱাহাটীত কুংকি চৌধুৰিক পিছ পেলাই বিজয় গুপ্তাৰ অগ্ৰগতি
নিৰ্বাচন আয়োগৰ প্ৰাৰম্ভিক তথ্য অনুসৰি মধ্য গুৱাহাটীত বিজয় গুপ্তাৰ অগ্ৰগতি।কুংকি চৌধুৰি ১৪৬৫ টা ভোটত পিছ পেলাই আগবাঢ়ি আছে বিজয় গুপ্তা। জালুকবাৰী সমষ্ঠিত ড০ হিমন্ত বিশ্ব শৰ্মাই অগ্ৰগতি লাভ কৰিছে। দিছপুৰত বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰক ৭৪৪৩ টা ভোটত পিছ পেলাই অগ্ৰগতি লাভ কৰিছে।আনহাতে নিউ গুৱাহাটীত দিপ্লুৰঞ্জন শৰ্মাৰ অগ্ৰগতি লাভ কৰিছে। ইফালে ডিমৰীয়াত তপন দাসৰ অগ্ৰগতি। কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱাক ৬৭২৩ টা ভোটত পিছ পেলাই আগবাঢ়ি আছে অসম গণ পৰিষদৰ প্ৰাৰ্থী তপন দাস।
লগতে পঢ়ক: কি হ’ব তিনি গগৈৰ ভাগ্য?









