এগজিট প’ল নস্যাৎ কৰি দুশৰো অধিক আসন লাভ কৰিব বুলি দাবী মমতা বেনাৰ্জীৰ

এগজিট প’ল নস্যাৎ মমতা বেনাৰ্জীৰ, দুশৰো অধিক আসন লাভৰ দাবী

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে শনিবাৰে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত টিএমচিৰ জয়ক লৈ আত্মবিশ্বাস প্ৰকাশ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা শাসকীয় তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে শনিবাৰে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত টিএমচিৰ জয়ক লৈ আত্মবিশ্বাস প্ৰকাশ কৰে । বংগৰ নিৰ্বাচনত টিএমচি বিজয়ী হৈ ওলাই আহিব

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে শনিবাৰে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত টিএমচিৰ জয়ক লৈ আত্মবিশ্বাস প্ৰকাশ কৰে

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা শাসকীয় তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে শনিবাৰে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত টিএমচিৰ জয়ক লৈ আত্মবিশ্বাস প্ৰকাশ কৰে । বংগৰ নিৰ্বাচনত টিএমচি বিজয়ী হৈ ওলাই আহিব বুলিও উল্লেখ কৰে তেওঁ । সোমবাৰে (৪ মে) অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ পূৰ্বে শনিবাৰে দলৰ ভোটগণনা এজেণ্টসকলক অনলাইনযোগে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

পশ্চিম বংগৰ বাবে এগজিট প’লৰ ভৱিষ্যদ্বাণীক তীব্ৰভাৱে খাৰিজ কৰি শ্বেয়াৰ বজাৰত হেতালি খেলাৰ প্ৰয়াস বুলি অভিহিত কৰে তেওঁ । তেওঁ কয়, “আমি বংগৰ নিৰ্বাচনত জয়ী হৈছো আৰু ২০০ৰো অধিক আসন লাভ কৰিম । এক্সিট প’ল কেৱল শ্বেয়াৰ বজাৰত হেতালি খেলাৰ প্ৰয়াস । ২০২১ আৰু ২০২৪ চনত তেওঁলোকে একে কাম কৰিছিল আৰু এতিয়াও একে কাম কৰি আছে ।”

এই সময়ছোৱাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগে বংগত নিয়োজিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)ৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে । কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলৰ বিৰুদ্ধে চৰম নৃশংসতা সংঘটিত কৰা বুলি উল্লেখ কৰে তেওঁ । অনাগত দিনত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বৰ্বৰতাৰ সন্মুখীন হোৱা সকলোকে তৃণমূল কংগ্ৰেছ দলে পুৰস্কৃত কৰিব বুলি আশ্বাস দিয়ে মমতাই ।

লগতে পঢ়ক : পশ্চিম বংগৰ ১৫ টাকৈ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ; ইভিএমত খেলিমেলিৰ অভিযোগ