ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)২০২৬ ৰ সময়ত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক ড্ৰেছিং ৰুমৰ ভিতৰত ভেপিং (ই-চিগাৰেট খোৱা) কৰা কেমেৰাত ধৰা পৰিছিল।
মঙলবাৰে অনুষ্ঠিত হোৱা আইপিএল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) ২০২৬ৰ খেলখনত পঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয় লাভ কৰে। এই খেলখনৰ পিছত এতিয়া বিপদত পৰিছে ৰিয়ান পৰাগ। দৰাচলতে আই পি এলৰ এখন খেলৰ সময়তে ৰিয়ান পৰাগক ভেপ ধূমপান কৰা দেখা গৈছিল।যাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।
মঙলবাৰে পঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছৰ খেলৰ সময়ত যেতিয়া ড্ৰেছিং ৰুমত বহি থকা ৰিয়ান পৰাগলৈ কেমেৰাটো পেন কৰা হৈছিল। তেতিয়া ৰিয়ান পৰাগক ড্ৰেছিং ৰুমত ইলেক্ট্ৰনিক ভেপ ডিভাইচ ব্যৱহাৰ কৰা দেখা গৈছিল। ভেপিং হৈছে এক প্ৰকাৰৰ নিচা যিটো চিগাৰেটৰ বিকল্প হিচাপে গণ্য কৰা হয়।সেই সময়ত যশস্বী জয়ছোৱাল আৰু ধ্ৰুৱ জুৰেলো তেওঁৰ লগত উপস্থিত আছিল।
এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।এই ঘটনাটো এনে সময়ত সংঘটিত হৈছে, যেতিয়া নিয়ম উলংঘাৰ বাবে ইতিমধ্যে ৰাজস্থান ৰয়েলছে চৰ্চা লাভ কৰিছে।টিম মেনেজাৰ ৰোমি ভিন্দৰেক ডাগআউটত ফোন ব্যৱহাৰ কৰাৰ বাবে ১ লাখ টকা জৰিমনা বিহাৰ লগতে সতৰ্কবাণীও দিয়া হৈছিল।
ৰিয়ান পৰাগৰ গোচৰটো এতিয়া আৰু অধিক গুৰুতৰ বুলি বিবেচনা কৰা হৈছে।আই পি এলৰ নিয়ম অনুসৰি ড্ৰেছিং ৰুম আৰু ডাগআউটত ধূমপান কৰা,য’ত ই-চিগাৰেট আৰু ভেপও অন্তৰ্ভুক্ত, কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এনে পৰিস্থিতিত বিচিচিআই আৰু আইপিএল গভৰ্নিং কাউন্সিলে এই বিষয়ত তদন্ত কৰিব পাৰে।
লগতে পঢ়ক: পঞ্জাৱৰ বিজয়ৰ ৰথত বাধা ৰাজস্থান ৰয়েলছৰ; আই পি এলত পঞ্জাৱ কিংছৰ প্ৰথমটো পৰাজয়









