“তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ”; বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসাত পঞ্চমুখ পেট কামিন্স

“তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ”; বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসাত পঞ্চমুখ পেট কামিন্স

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু টি-২০ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসা কৰে। ভাৰতীয় ক্ৰিকেট জগতত এটা নতুন তাৰকা দ্ৰুতগতিত উত্থান ঘটিছে।যাৰ নাম হৈছে বৈভৱ সূৰ্য্যবংশী।মাত্ৰ ১৫ বছৰ বয়সত বৈভৱ সূৰ্য্যবংশীয়ে নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।ৰাজস্থান ৰয়েলছৰ হৈ খেলি এইগৰাকী যুৱ

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু টি-২০ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসা কৰে।

ভাৰতীয় ক্ৰিকেট জগতত এটা নতুন তাৰকা দ্ৰুতগতিত উত্থান ঘটিছে।যাৰ নাম হৈছে বৈভৱ সূৰ্য্যবংশী।মাত্ৰ ১৫ বছৰ বয়সত বৈভৱ সূৰ্য্যবংশীয়ে নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।ৰাজস্থান ৰয়েলছৰ হৈ খেলি এইগৰাকী যুৱ খেলুৱৈয়ে এনে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াইছে যে এতিয়া আন্তঃৰাষ্ট্ৰীয় ডাঙৰ ডাঙৰ ক্ৰিকেটাৰেও তেওঁৰ প্ৰশংসক হৈ পৰিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সেও সূৰ্য্যবংশীক প্ৰশংসাৰ কৰিছে আৰু বৈভৱক “নতুন প্ৰিয় খেলুৱৈ” বুলি অভিহিত কৰিছে। ২৫ এপ্ৰিলত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত খেলা মেচখনত ১৫ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে পেট কামিন্সৰ প্ৰশংসা লাভ কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু টি-২০ বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে বৈভৱ সূৰ্য্যবংশীৰ বেটিঙৰ শলাগ লৈ কয় যে এই যুৱ খেলুৱৈগৰাকীৰ খেল তেওঁ একেবাৰে ভাল পায়। কামিন্সৰ মতে, সূৰ্য্যবংশীয়ে যি আত্মবিশ্বাস আৰু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰে, সেইবোৰেই তেওঁক বিশেষ কৰে। পেট কামিন্সে আৰু কয়, “মই ভাবো তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ।তেওঁ বলটো অতি শক্তিৰে আঘাত কৰে।আৰু তেওঁৰ খেলা চোৱাটো যথেষ্ট ৰোমাঞ্চকৰ।”কামিন্সৰ বক্তব্যই প্ৰমাণ কৰে যে অতি কম সময়ৰ ভিতৰতে সূৰ্যবংশীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ নাম উজলাইছে।

লগতে পঢ়ক: পঞ্জাৱ চৰকাৰে প্ৰত্যাহাৰ কৰিলে হৰভজন সিঙৰ নিৰাপত্তা…