আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ৰাঘৱ চাদ্দাৰ; শীঘ্ৰেই পিন্ধিব গেৰুৱা বসন

আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ৰাঘৱ চাদ্দাৰ; শীঘ্ৰেই পিন্ধিব গেৰুৱা বসন

দিল্লীত এক ৰাজনৈতিক বোমা বিস্ফোৰণ হৈছে। ‘আম আদমী পাৰ্টী’ৰ প্ৰতিষ্ঠাপক সদস্য তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাই সংবাদমেলযোগে দলৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ পৰা উভতিয়েই AAPৰ নেতা ৰাঘৱ চাদ্দাই এখন সংবাদমেল যোগে তেওঁ আম আদমী পাৰ্টীৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ৰাঘৱ

দিল্লীত এক ৰাজনৈতিক বোমা বিস্ফোৰণ হৈছে। ‘আম আদমী পাৰ্টী’ৰ প্ৰতিষ্ঠাপক সদস্য তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাই সংবাদমেলযোগে দলৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছে।

আমেৰিকাৰ পৰা উভতিয়েই AAPৰ নেতা ৰাঘৱ চাদ্দাই এখন সংবাদমেল যোগে তেওঁ আম আদমী পাৰ্টীৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ৰাঘৱ চাদ্দাই গধুৰ মনেৰে উল্লেখ কৰে যে আম আদমী পাৰ্টীয়ে নিজৰ আদৰ্শ আৰু মৌলিক মূল্যবোধৰ পৰা সম্পূৰ্ণৰূপে বিচ্যুত হৈছে।মই আম আদমি পাৰ্টিৰ পৰা নিজকে আঁতৰাই ৰাইজৰ ফালে আগবাঢ়িছো।

উল্লেখযোগ্যভাৱে হাস্যৰসময়ী  হাঁহি মাৰি ৰাঘৱ চাদ্দাই নিজকে “ভুল দলৰ সঠিক মানুহ”বুলি অভিহিত কৰিছে। তেওঁ উল্লেখ কৰে যে এতিয়া মই দলৰ ভিতৰতে শ্বাসৰুদ্ধ অনুভৱ কৰিছো কাৰণ দলটোৰ বৰ্তমানৰ ৰূপটো প্ৰতিষ্ঠাপক নীতিৰ লগত মিল নাই।

জানিব পৰা মতে, শীঘ্ৰেই বিজেপিত যোগ দিব ৰাঘৱ চাদ্দাই !অকল ৰাঘৱেই নহয়, আপৰ দুই-তৃতীয়াংশ সাংসদ যাব বিজেপিলৈ! ৰাঘৱ চাদ্দাৰ ঘোষণাৰ পিছতেই আপৰ সাংসদসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: “৪ মে’ৰ ফলাফলৰ পিছত পশ্চিম বংগত শেষ হ’ব গুণ্ডাৰাজ”; টিএমচিক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ