ৰোমাঞ্চকৰ মেচত ছানৰাইজাৰ্ছৰ হাতত ১০ ৰানত পৰাস্ত চেন্নাই চুপাৰ কিংছ

ৰোমাঞ্চকৰ মেচত ছানৰাইজাৰ্ছৰ হাতত ১০ ৰানত পৰাস্ত চেন্নাই চুপাৰ কিংছ

শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে চলিত আই পি এলত শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে । ৰোমাঞ্চকৰ মেচখনত হায়দৰাবাদে ১০ ৰানত জয়লাভ কৰে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হয় এই

শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে

চলিত আই পি এলত শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে । ৰোমাঞ্চকৰ মেচখনত হায়দৰাবাদে ১০ ৰানত জয়লাভ কৰে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন । টছত জয়লাভ কৰি চি এছ কেয়ে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । অভিষেক আৰু ক্লাচেনৰ অৰ্ধ শতকৰ জৰিয়তে হায়দৰাবাদে চেন্নাইৰ সন্মুখত ১৯৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই দলে ।

চি এছ কেৰ ইনিংছ-

১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি চি এছ কেয়ে দুৰ্বল আৰম্ভণি কৰে । তাৰকা বেটছমেন সঞ্জু চেমছন মাত্ৰ ৭ ৰানত আউট হয় । ইয়াৰ পিছত গাইকোৱাড পুনৰ বিফল হয় । তেওঁ মাত্ৰ মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰে । অৱশ্যে আয়ুষে ১৩টা বলত ৩০ ৰান সংগ্ৰহ কৰাৰ লগতে মেথিউ শ্বৰ্টেও ভাল ইনিংছ খেলে ।

কিন্তু ডেৱাল্ড ব্ৰেভিছে নিজৰ একাউণ্ট খোলাত ব্যৰ্থ হয় । ছৰফৰাজ খানেও ২৫ ৰানহে কৰিবলৈ সক্ষম হয় । শিৱম ডুবে ১৬টা বলত ২১ ৰানেৰে ইনিংছটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰে যদিও ছিৰাজে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত চি এছ কেয়ে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় ।

হায়দৰাবাদৰ ইনিংছ-

প্ৰথমে বেটিং কৰৰা হায়দৰাবাদে বিস্ফোৰক আৰম্ভণি কৰে । অভিষেক শৰ্মাই ১৫টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । তেওঁ ২২টা বলত ৫৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । হেডে ২৩ ৰান কৰে । কিন্তু ঈশান কিষাণ কোনো ৰান নকৰাকৈয়ে পেভিলিয়নলৈ উভতে । অৱশ্যে তাৰ পাছত হাইনৰিখ ক্লাচেনে ৩৯টা বলত ৫৯ ৰান সংগ্ৰহ কৰি দলৰ স্থিতি মজবুট কৰে । ইয়াৰ ফলত হায়দৰাবাদে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ৰোমাঞ্চকৰ মেচত দিল্লীৰ হাতত ধৰাশায়ী বেংগালুৰু, ৰাহুল-ষ্টাবছৰ অৰ্ধ শতক

শেহতীয়া প্ৰৱন্ধসমূহ