ইৰাণৰ ইউ-টাৰ্ণ, পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী

ইৰাণৰ ইউ-টাৰ্ণ, পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী

হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত ইৰাণে পুনৰ সলনি কৰিছে । শনিবাৰে আমেৰিকাই এই পদক্ষেপে অৱৰোধৰ অন্ত নেপেলাই বুলি কোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ জলপথটোৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰে ইৰাণে । হৰমুজ প্ৰণালী সকলো বাণিজ্যিক জাহাজৰ বাবে খুলি দিয়াৰ সিদ্ধান্তৰ ৪৮ ঘন্টা পাৰ নহওতেই ইউ-টাৰ্ণ

হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত ইৰাণে পুনৰ সলনি কৰিছে । শনিবাৰে আমেৰিকাই এই পদক্ষেপে অৱৰোধৰ অন্ত নেপেলাই বুলি কোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ জলপথটোৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰে ইৰাণে ।

হৰমুজ প্ৰণালী সকলো বাণিজ্যিক জাহাজৰ বাবে খুলি দিয়াৰ সিদ্ধান্তৰ ৪৮ ঘন্টা পাৰ নহওতেই ইউ-টাৰ্ণ ল’লে ইৰাণে । হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত ইৰাণে পুনৰ সলনি কৰিছে । শনিবাৰে আমেৰিকাই এই পদক্ষেপে অৱৰোধৰ অন্ত নেপেলাই বুলি কোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ জলপথটোৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰে ইৰাণে । ইয়াৰ পূৰ্বে ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ।

২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰাৰ পিছৰে পৰা হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলাচলত ব্যাঘাত জন্মিছে । ইৰাণে পূৰ্বে এই পথটো মুকলি থাকিব বুলি ঘোষণা কৰিছিল যদিও এতিয়া পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।

ইৰাণৰ যৌথ সামৰিক কমাণ্ডে শনিবাৰে কয় যে “হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু এতিয়া সশস্ত্ৰ বাহিনীৰ কঠোৰ তত্বাৱধান আৰু নিয়ন্ত্ৰণত আছে ।” ইয়াৰ উপৰিও ইৰাণৰ বন্দৰসমূহত আমেৰিকাৰ অৱৰোধ অব্যাহত থকালৈকে এই জলপথৰ মাজেৰে জাহাজ চলাচল বন্ধ হৈ থাকিব বুলিও সকীয়াই দিছে দেশখনে ।

উল্লেখ্য য়ে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ সৈতে বিশেষকৈ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত তেহৰানে চুক্তিত উপনীত নোহোৱালৈকে অৱৰোধ চলি থাকিব বুলি কোৱাৰ পিছতে ইৰাণে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

যদিও ইৰাণে পূৰ্বে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰা বুলি ঘোষণা কৰিছিল, তথাপিও ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে পাৰস্য উপসাগৰত কেইবাখনো ভাৰতীয় তেল টেংকাৰে ইউ টাৰ্ণ ল’বলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰানৰ বৃহৎ সিদ্ধান্ত, খুলি দিলে ‘ষ্ট্ৰেইট অব হৰমুজ’

শেহতীয়া প্ৰৱন্ধসমূহ