লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক বিফল হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীয়ে কয় যে এয়া আমাৰ গণতন্ত্ৰ আৰু দেশৰ অখণ্ডতাৰ বাবে এক বৃহৎ জয়।
মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত নোহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ইয়াক গণতন্ত্ৰৰ বাবে এক বৃহৎ জয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে, চৰকাৰৰ ফালৰ পৰা আতঃ গাঁথনি দুৰ্বল কৰাৰ প্ৰচেষ্টাক বিৰোধীয়ে একত্ৰিত হৈ বাধা দিয়ে।
সংবাদমেলত প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে নিৰ্বাচনৰ মাজতে খৰখেদাকৈ সংসদ অধিৱেশন আহ্বান কৰা হৈছে,আৰু খচৰা বিধেয়কখন মাত্ৰ এদিন আগতে উল্লেখ কৰিছিল। তেওঁ কয়, এইটো আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ।চৰকাৰে ভাবিছিল যে বিধেয়কখন গৃহীত হ’লেও জয় হ’ব আৰু গৃহীত নহ’লেও জয় হ’ব।
তেওঁ অভিযোগ কৰে যে চৰকাৰে স্থায়ীভাৱে ক্ষমতাত থাকিবলৈ নাৰীক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁ নিজকে ‘নাৰীৰ ত্ৰাণকৰ্তা’ বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছিল। প্ৰিয়ংকা গান্ধীয়ে দাবী কৰিছিল যে এই প্ৰস্তাৱ আচলতে মহিলা সংৰক্ষণৰ বিষয় নহয়, বৰঞ্চ ই সীমা নিৰ্ধাৰণৰ সৈতে জড়িত আছিল।ইয়াৰ জৰিয়তে ৰাজনৈতিক ভাৰসাম্য সলনি কৰাৰ প্ৰয়াস কৰা হৈছিল।
তেওঁ লগতে কয় যে, মই সুখী যে বিৰোধীয়ে একত্ৰিত হৈ চৰকাৰক পৰাস্ত কৰিব পাৰে সেয়া স্পষ্ট হৈ পৰিছে। ‘ব্লেক ডে’ৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে এই দিৱস পালন কৰা হৈছে কাৰণ, প্ৰথমবাৰৰ বাবে চৰকাৰে এক বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে।
লগতে পঢ়ক: “মমতা বেনাৰ্জী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত I Love You সম্পৰ্ক আছে ‘; মুখ্যমন্ত্ৰী









