ইৰাণৰ অধ্যক্ষ গালিবাফে ড’নাল্ড ট্ৰাম্পৰ দাবীক মিছা বুলি অভিহিত কৰিছে।ইয়াৰ লগতে তেহৰানে সকীয়াই দিছে যে যদিহে আমেৰিকাৰ হেঁচা অব্যাহত থাকে তেন্তে ইয়াৰ প্ৰভাৱ হৰমুজ প্ৰণালী আৰু বিশ্বব্যাপী জাহাজত পৰিব পাৰে।
শুকুৰবাৰে ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘৰ গালিবাফে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। তেওঁ ট্ৰাম্পৰ ওপৰত ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত চলি থকা গতিৰোধ সম্পৰ্কে মিছা দাবী কৰাৰ অভিযোগ কৰে। ইয়াৰ লগতে, ইৰাণৰ এজন নেতাই এই সতৰ্কবাণী জাৰি কৰিছে যে, ইৰাণৰ ওপৰত স্থায়ী হেঁচা প্ৰয়োগ কৰিলে বিশ্বব্যাপী জাহাজৰ ক্ষেত্ৰত গুৰুতৰ পৰিণতি হ’ব পাৰে।
ছ’চিয়েল মিডিয়া পোষ্টত গালিবাফে কয়: “এঘণ্টাত ট্ৰাম্পে সাতটা মান দাবী উত্থাপন কৰে আৰু সাতোটাই মিছা আছিল।সংঘাত আৰু আলোচনা আমেৰিকা দুয়োটাতে ব্যৰ্থ হৈছে আৰু এনে ভুৱা দাবী কৰি তেওঁ সফল হ’ব নোৱাৰিব।
তেওঁ লগতে সকীয়াই দিয়ে যে যদিহে ইৰাণৰ বন্দৰসমূহত অৱৰোধ অব্যাহত থাকে, তেন্তে হৰমুজ প্ৰণালী মুক্তভাৱে মুকলি হৈ নাথাকিব। গালিবাফে উল্লেখ কৰে যে এতিয়া সামুদ্ৰিক যাতায়ত ইৰাণৰ নিয়ন্ত্ৰণত থাকিব আৰু ৰাজনৈতিক বাৰ্তাৰ পৰিৱৰ্তে ‘ভূমিৰ বাস্তৱতা’ৰ ওপৰত ভিত্তি কৰি আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা হ’ব।
লগতে পঢ়ক: নিৰ্ধাৰণ হ’ল আমেৰিকা-ইৰাণৰ নতুন আলোচনাৰ তাৰিখ; পুনৰ ইছলামাবাদত উপস্থিত হ’ব দুয়োখন দেশৰ প্ৰতিনিধি









