নিৰ্ধাৰণ হ’ল আমেৰিকা-ইৰাণৰ নতুন আলোচনাৰ তাৰিখ; পুনৰ ইছলামাবাদত উপস্থিত হ’ব দুয়োখন দেশৰ প্ৰতিনিধি

নিৰ্ধাৰণ হ’ল আমেৰিকা-ইৰাণৰ নতুন আলোচনাৰ তাৰিখ; পুনৰ ইছলামাবাদত উপস্থিত হ’ব দুয়োখন দেশৰ প্ৰতিনিধি

আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক আলোচনা পুনৰবাৰ পাকিস্তানৰ ৰাজধানী ইছলামবাদত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে পুনৰ কূটনৈতিক সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টা তীব্ৰতৰ হৈ পৰিছে।আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে আলোচনা আৰম্ভ হ’ব আৰু আকৌ এবাৰ পাকিস্তানৰ ৰাজধানী ইছলামবাদ আলোচনাৰ

আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক আলোচনা পুনৰবাৰ পাকিস্তানৰ ৰাজধানী ইছলামবাদত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে পুনৰ কূটনৈতিক সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টা তীব্ৰতৰ হৈ পৰিছে।আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে আলোচনা আৰম্ভ হ’ব আৰু আকৌ এবাৰ পাকিস্তানৰ ৰাজধানী ইছলামবাদ আলোচনাৰ মঞ্চলৈ পৰিণত হৈছে।জানিব পৰা মতে দেওবাৰৰ ভিতৰত দুয়োখন দেশৰ প্ৰতিনিধি পাকিস্তানত উপস্থিত হ’ব পাৰে আৰু সোমবাৰৰ পৰা আনুষ্ঠানিক আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে ৱাশ্বিংটন বা তেহৰানে এই বৈঠকক লৈ এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, অৱশ্যে শীঘ্ৰে আলোচনা হ’ব পাৰে বুলি ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইংগিত দিছে।ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে আলোচনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱা আলোচনা কেইবা ঘণ্টা ধৰি চলিছিল।কিন্তু কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা নগ’ল। এনে পৰিপ্ৰেক্ষিতত এইবাৰৰ আলোচনা আৰু অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে,কাৰণ দুসপ্তাহজোৰা যুদ্ধবিৰতি এতিয়া অন্ত পৰাৰ ওচৰ চাপিছে।যদি এইবাৰো আলোচনা বিফল হয় গতিকে, উত্তেজনা আকৌ বৃদ্ধি পাব পাৰে।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰানৰ বৃহৎ সিদ্ধান্ত, খুলি দিলে ‘ষ্ট্ৰেইট অব হৰমুজ’

শেহতীয়া প্ৰৱন্ধসমূহ