মহিলাৰ ক্ৰোধৰ সন্মুখীন হ'ব লাগিব বিৰোধীয়ে : কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে সৰৱ অমিত শ্বাহ

মহিলাৰ ক্ৰোধৰ সন্মুখীন হ’ব লাগিব বিৰোধীয়ে : কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে সৰৱ অমিত শ্বাহ

মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন গৃহীত নোহোৱাৰ পিছত বিৰোধী দলসমূহে উল্লাস কৰা আৰু বিজয়ৰ ধ্বনি দিয়াটো সঁচাকৈয়ে নিন্দনীয় আৰু কল্পনাতীত বুলি কয় অমিত শ্বাহে শুকুৰবাৰে লোকসভাত সংবিধান সংশোধনী বিধেয়কখন গৃহীত নোহোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী

মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন গৃহীত নোহোৱাৰ পিছত বিৰোধী দলসমূহে উল্লাস কৰা আৰু বিজয়ৰ ধ্বনি দিয়াটো সঁচাকৈয়ে নিন্দনীয় আৰু কল্পনাতীত বুলি কয় অমিত শ্বাহে

শুকুৰবাৰে লোকসভাত সংবিধান সংশোধনী বিধেয়কখন গৃহীত নোহোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিসহ বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে ।

এক্সৰ এটা পোষ্টত শ্বাহে বিৰোধীৰ এই আচৰণক “কল্পনাতীত” বুলি অভিহিত কৰে । তেওঁ কয় যে লোকসভাত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন গৃহীত নোহোৱাৰ পিছত বিৰোধী দলসমূহে উল্লাস কৰা আৰু বিজয়ৰ ধ্বনি দিয়াটো সঁচাকৈয়ে “নিন্দনীয়” আৰু “কল্পনাতীত”।

তেওঁ কয়- “আজি লোকসভাত এক অতি অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গ’ল । কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিয়ে নাৰী শক্তি বন্দন অধিনিয়মৰ দৰে অপৰিহাৰ্য সংবিধান সংশোধনী বিধেয়কখন গৃহীত হ’বলৈ নিদিলে । মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন প্ৰত্যাখ্যান কৰি তাক লৈ উৎসৱ পালন কৰা আৰু বিজয়ধ্বনি দিয়াটো সঁচাকৈয়ে নিন্দনীয় আৰু কল্পনাৰ অতীত ।”

গৃহমন্ত্ৰী শ্বাহে লগতে কয় যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহৰ মানসিকতা মহিলাৰ স্বাৰ্থতো নহয় আৰু দেশৰ স্বাৰ্থতো নহয় । তেওঁ কয়- “এতিয়া দেশৰ মহিলাসকলে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ সংৰক্ষণ লাভ নকৰিব, যিটো তেওঁলোকৰ অধিকাৰ আছিল । কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে এয়া প্ৰথমবাৰৰ বাবে কৰা নাই, বৰঞ্চ বাৰে বাৰে কৰি আহিছে । তেওঁলোকৰ মানসিকতা মহিলাৰ বাবেও হিতকৰ নহয় আৰু দেশৰ বাবেও নহয় ।”

আক্ৰমণ অধিক তীব্ৰতৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেৱল ২০২৯ চনৰ লোকসভা নিৰ্বাচনতে নহয়, প্ৰতিটো নিৰ্বাচনতে আৰু প্ৰতিটো ঠাইতে বিৰোধীয়ে “মহিলাৰ ক্ৰোধ”ৰ সন্মুখীন হ’ব লাগিব । শ্বাহে কয়- “মই তেওঁলোকক ক’ব বিচাৰো যে নাৰী শক্তিৰ এই অপমান ইমানতে শেষ নহয়; ই বহু দূৰলৈ যাব । বিৰোধীয়ে কেৱল ২০২৯ চনৰ লোকসভা নিৰ্বাচনতে নহয়, প্ৰতিটো স্তৰত, প্ৰতিটো নিৰ্বাচনত আৰু প্ৰতিটো ঠাইতে ‘মহিলাৰ ক্ৰোধ’ৰ সন্মুখীন হ’ব লাগিব ।”

দেশৰ আধাসংখ্যক জনসংখ্যা অৰ্থাৎ ৭০ কোটি মহিলাক প্ৰতাৰণা কৰি আৰু তেওঁলোকৰ বিশ্বাস হেৰুৱাই কেনেকৈ কোনোবাই বিজয় উৎসৱ পালন কৰিব পাৰে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । গৃহমন্ত্ৰীগৰাকীয়ে কয়- “বিৰোধীৰ এই উল্লাস হৈছে দশক দশক ধৰি নিজৰ অধিকাৰৰ বাবে অপেক্ষা কৰি থকা প্ৰত্যেকগৰাকী মহিলাৰ প্ৰতি অপমান । কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে কিমানবাৰ মহিলাসকলক প্ৰতাৰণা কৰিব ?  অহংকাৰৰ পৰা জন্ম লোৱা আপাত বিজয়ৰ আনন্দ বহু সময়ত প্ৰকৃততে এক লুকাই থকা ডাঙৰ পৰাজয়হে, যিটো কিছুমান মানুহে বুজি পোৱাত ব্যৰ্থ হয় ।”

লগতে পঢ়ক : লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

শেহতীয়া প্ৰৱন্ধসমূহ