মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰানৰ বৃহৎ সিদ্ধান্ত, খুলি দিলে 'ষ্ট্ৰেইট অব হৰমুজ'

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰানৰ বৃহৎ সিদ্ধান্ত, খুলি দিলে ‘ষ্ট্ৰেইট অব হৰমুজ’

লেবাননৰ যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি, যুদ্ধবিৰতিৰ বাকী থকা সময়ছোৱাৰ বাবে হৰমুজ প্ৰণালীৰে সকলো বাণিজ্যিক জাহাজৰ চলাচল সম্পূৰ্ণৰূপে মুকলি বুলি ঘোষণা কৰা হৈছে লেবাননত চলি থকা যুদ্ধবিৰতিৰ সময়ছোৱাত ইৰানে হৰমুজ প্ৰণালী “সম্পূৰ্ণৰূপে মুকলি” থাকিব বুলি ঘোষণা কৰিছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা বিবৃতিত

লেবাননৰ যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি, যুদ্ধবিৰতিৰ বাকী থকা সময়ছোৱাৰ বাবে হৰমুজ প্ৰণালীৰে সকলো বাণিজ্যিক জাহাজৰ চলাচল সম্পূৰ্ণৰূপে মুকলি বুলি ঘোষণা কৰা হৈছে

লেবাননত চলি থকা যুদ্ধবিৰতিৰ সময়ছোৱাত ইৰানে হৰমুজ প্ৰণালী “সম্পূৰ্ণৰূপে মুকলি” থাকিব বুলি ঘোষণা কৰিছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা বিবৃতিত বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে এই পদক্ষেপ নিশ্চিত কৰি সামুদ্ৰিক যাতায়তক পোনপটীয়াকৈ চলিত যুদ্ধবিৰতিৰ সৈতে সংযোগ কৰিছে ।

আৰাঘচিয়ে লিখিছে, “লেবাননৰ যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি, যুদ্ধবিৰতিৰ বাকী থকা সময়ছোৱাৰ বাবে হৰমুজ প্ৰণালীৰে সকলো বাণিজ্যিক জাহাজৰ চলাচল সম্পূৰ্ণৰূপে মুকলি বুলি ঘোষণা কৰা হৈছে ।” এই গুৰুত্বপূৰ্ণ জলপথটো পুনৰ মুকলি কৰা সত্ত্বেও বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কিছুমান সামুদ্ৰিক নিষেধাজ্ঞা বাহাল থাকিব আৰু জাহাজসমূহে ইৰানী কৰ্তৃপক্ষই “ইতিমধ্যে ঘোষণা কৰা সমন্বিত পথত” চলাচল কৰিব লাগিব ।

এই পুনৰ মুকলিৰ তাৎপৰ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও সমৰ্থন কৰিছে আৰু হৰমুজ প্ৰণালী “সম্পূৰ্ণ মুকলি” বুলি ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশ্চিত কৰিছে । ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে উল্লেখ কৰে, “ইৰানে এইমাত্ৰ ঘোষণা কৰিছে যে ইৰানৰ প্ৰণালীটো সম্পূৰ্ণৰূপে মুকলি আৰু যাতায়তৰ বাবে সাজু । ধন্যবাদ!” এই অগ্ৰগতি লেবানন আৰু ইজৰাইলৰ মাজত ১০দিনীয়া যুদ্ধবিৰতি চুক্তি সম্পৰ্কে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা পূৰ্বৰ ঘোষণাৰ পিছতেই আহিছে । কূটনৈতিক গতিশীলতাৰ ওপৰত আলোকপাত কৰি তেওঁ ইংগিত দিয়ে যে দুয়োখন দেশৰ নেতৃত্বৰ মাজত ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এক বৈঠক আয়োজনৰ প্ৰচেষ্টা চলি আছে ।

ইৰানৰ সৈতে সংঘাত সমাপ্ত কৰাৰ বাবে হোৱা এক বৃহৎ আমেৰিকান পদক্ষেপৰ কেন্দ্ৰীয় অংশ হিচাপে এই যুদ্ধবিৰতক গণ্য কৰা হৈছে । খবৰ অনুসৰি তেহৰানে দাবী কৰিছিল যে যিকোনো তেনে চুক্তিৰ বাবে লেবাননৰ যুদ্ধবিৰতি এক অপৰিহাৰ্য চৰ্ত । আমেৰিকাৰ নেতাগৰাকীৰ মতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনৰ সৈতে হোৱা “উৎকৃষ্ট” টেলিফোনিক আলোচনাৰ পাছত যুদ্ধ বিৰতিৰ এই ব্যৱস্থা কৰা হৈছে । ট্ৰাম্পে কয়, “এই দুই নেতাই সন্মত হৈছে যে তেওঁলোকৰ দেশৰ মাজত শান্তি স্থাপনৰ বাবে আজি বিয়লি ৫ বজাত (EST) আনুষ্ঠানিকভাৱে ১০দিনীয়া যুদ্ধবিৰতি আৰম্ভ কৰিব ।” তেওঁ লগতে আশা প্ৰকাশ কৰে যে এই অস্থায়ী যুদ্ধবিৰতিক অধিক শক্তিশালী কৰিবলৈ নেতান্যাহু আৰু আউন আগন্তুক “চাৰি বা পাঁচ দিনৰ ভিতৰত” হোৱাইট হাউচত মিলিত হ’ব ।

লগতে পঢ়ক : শান্তিৰ দিশত প্ৰতিটো পদক্ষেপক আমি আদৰণি জনাওঁ: ইজৰাইল-লেবাননৰ যুদ্ধবিৰতিক লৈ প্ৰতিক্ৰিয়া ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ