ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। দুয়োজন নেতাই হৰমুজ প্ৰণালীত জাহাজৰ নিৰাপত্তা আৰু যাতায়তৰ স্বাধীনতাৰ ওপৰত আলোচনা কৰে।
মধ্যপ্ৰাচ্যৰ উত্তেজনা এতিয়া মূৰৰ কামোৰণিত পৰিনত হৈছে।ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি তথা ঘনিষ্ঠ বন্ধু ইমেনুৱেল মেক্ৰনৰ সৈতে এক গুৰুত্বপূৰ্ণ টেলিফোনিক বাৰ্তালাপ কৰে।দুয়োগৰাকী বিশ্ব নেতাই মধ্যপ্ৰাচ্যৰ গতিশীলতা আৰু হৰমুজ প্ৰণালীত জাহাজৰ সুৰক্ষাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ ঠিক ৪৮ ঘণ্টাৰ পিছত প্ৰধানমন্ত্ৰীলৈ মেক্ৰনৰ ফোন আহিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিছে যে ভাৰতৰ শান্তি আৰু স্থিতিশীলতা থাকিবৰ বাবে ফ্ৰান্সৰ সৈতে একেলগে কাম কৰি যাব।
প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুৱেল মেক্ৰনৰ মাজত হোৱা আলোচনাৰ কেন্দ্ৰবিন্দু আছিল হৰমুজ প্ৰণালীত যাতায়তৰ স্বাধীনতা।এই অঞ্চলটোক বিশ্ব বাণিজ্যৰ জীৱনৰেখা হিচাপে গণ্য কৰা হয়, আৰু ইয়াত উত্তেজনা বৃদ্ধিয়ে সমগ্ৰ বিশ্বৰ যোগান শৃংখলক স্তব্ধ কৰি তুলিব পাৰে।
দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰিছে যে এই সামুদ্ৰিক পথটো সুৰক্ষিত কৰা আৰু তাত নিৰাপত্তা পুনৰুদ্ধাৰ কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা। এই সংকট সমাধানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰভাৱ আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক মেক্ৰনে অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।
মাত্ৰ দুদিনৰ ভিতৰতে আমেৰিকা আৰু ফ্ৰান্সৰ দৰে মহাশক্তিয়ে ভাৰতৰ সৈতে সম্পৰ্ক কৰাটো এক উল্লেখযোগ্য সংকেত প্ৰেৰণ কৰিছে।
লগতে পঢ়ক: “চুক্তি নহ’লে পূৰ্বতকৈ ভয়ংকৰ হ’ব আক্ৰমণ”: পুনৰ ইৰাণক ভাবুকি আমেৰিকাৰ









