সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে মহিলা সৱলীকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ কেইঘণ্টামান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে মহিলা সৱলীকৰণৰ দিশত এক “ঐতিহাসিক পদক্ষেপ” গ্ৰহণ কৰিবলৈ সাজু হৈছে । প্ৰধানমন্ত্ৰীয়ে এক্স-ত এটা পোষ্টত লিখিছে, “আজিৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে মহিলা সৱলীকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে

সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ কেইঘণ্টামান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে মহিলা সৱলীকৰণৰ দিশত এক “ঐতিহাসিক পদক্ষেপ” গ্ৰহণ কৰিবলৈ সাজু হৈছে । প্ৰধানমন্ত্ৰীয়ে এক্স-ত এটা পোষ্টত লিখিছে, “আজিৰ পৰা আৰম্ভ হ’ব লগা সংসদৰ বিশেষ অধিৱেশনত আমাৰ দেশে মহিলা সৱলীকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ ল’বলৈ সাজু হৈছে । আমাৰ মাতৃ আৰু ভগ্নীসকলৰ প্ৰতি সন্মান মানেই দেশৰ প্ৰতি সন্মান আৰু এই ভাৱনাৰেই আমি এই দিশত দৃঢ়তাৰে আগবাঢ়িছোঁ ।”

আনহাতে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে মহিলা সংৰক্ষণক সমৰ্থন কৰিলেও চৰকাৰক অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), দলিত আৰু আদিবাসী সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ অংশ কাঢ়ি নিবলৈ নিদিয়ে । ইয়াক এন ডি এ চৰকাৰৰ এক “দেশবিৰোধী” পদক্ষেপ বুলিও তেওঁ অভিহিত কৰে । এক্স-ৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে মহিলা সংৰক্ষণক নিঃচৰ্তভাৱে সমৰ্থন কৰে, কিন্তু চৰকাৰে বৰ্তমান চলি থকা ২০২৬ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰিহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা উচিত । তেওঁ লগতে কয় যে এনে কোনো আইন অনাৰ আগতে জাতিগত লোকপিয়লকো বিবেচনা কৰিব লাগিব ।

উল্লেখ্য য়ে, কেন্দ্ৰীয় চৰকাৰে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে । চৰকাৰে ২০২৩ চনৰ আইনখন সংশোধন কৰি আৰু ২০২৭ চনৰ লোকপিয়লৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো মুক্ত কৰিবলৈ এক সাংবিধানিক সংশোধনী আনি ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে । চৰকাৰে সদনৰ আসনৰ সংখ্যা ৮৫০ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে, য’ত ৰাজ্যসমূহৰ বাবে ৮১৫ খন আসন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে বাকী ৩৫ খন আসনৰ প্ৰস্তাৱ কৰা হৈছে । বৰ্তমান লোকসভাত ৫৪৩ খন আসন আছে ।

প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিলৰ বিৰোধিতা দীৰ্ঘদিন ধৰি চলি আহিছে আৰু নাৰী শক্তি বন্দন অধিনিয়ম, ২০২৩ কাৰ্যকৰী কৰাৰ বাবে খচৰা সংশোধনী বিধেয়কসমূহ কেন্দ্ৰই শেহতীয়াকৈ অনুমোদন জনোৱাৰ পিছত ই তীব্ৰতৰ হৈ পৰিছে । নিৰ্বাচনৰ বতৰত বিশেষ সংসদীয় অধিৱেশন আহ্বান কৰাৰ ক্ষিপ্ৰতাক লৈও বিৰোধীয়ে আপত্তি দৰ্শাইছে । ইয়াৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে আজি পুৱা প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিলৰ এটা কপি জ্বলাই দিয়ে । এই বিলখনৰ ৰূপায়ণ ২০১১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি জনসংখ্যাভিত্তিক সমষ্টিৰ সংশোধনৰ সৈতে জড়িত । ষ্টালিনে ৰাজ্যজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধী আন্দোলনৰ সূচনা কৰিবলৈ ক’লা পতাকাও উত্তোলন কৰে ।

লগতে পঢ়ক : আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন, উত্থাপন হ’ব মহিলা সংৰক্ষণ বিধেয়ক

শেহতীয়া প্ৰৱন্ধসমূহ