আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন, উত্থাপন হ’ব মহিলা সংৰক্ষণ বিধেয়ক

আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন, উত্থাপন হ’ব মহিলা সংৰক্ষণ বিধেয়ক

আজিৰে পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ বিশেষ বৈঠকত উত্থাপন তথা বিবেচনাৰ বাবে সাজু কৰা হৈছে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় অন্তৰ্ভুক্ত থকা তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক আজিৰে পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ

আজিৰে পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ বিশেষ বৈঠকত উত্থাপন তথা বিবেচনাৰ বাবে সাজু কৰা হৈছে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক

২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় অন্তৰ্ভুক্ত থকা তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক আজিৰে পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ বিশেষ বৈঠকত উত্থাপন তথা বিবেচনাৰ বাবে সাজু কৰা হৈছে । অৱশ্যে বিৰোধী দলসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পৰিকল্পনাৰ ভিত্তি আৰু লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩ খনৰ পৰা সৰ্বাধিক ৮৫০ খনলৈ বৃদ্ধি কৰা কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (এশ একত্রিশতম সংশোধনী) বিধেয়ক, ২০২৬ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬ উত্থাপন কৰাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ উত্থাপন কৰাৰ কথা আছে । চৰকাৰে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ সংশোধনী গৃহীত কৰিবলৈ ১৬, ১৭ আৰু ১৮ এপ্ৰিলত সংসদৰ এই বিশেষ বৈঠক আহ্বান কৰিছে । আইন মন্ত্ৰীগৰাকীয়ে মহিলা সংৰক্ষণ সংশোধনী বিধেয়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক একেলগে গৃহীত কৰাৰ উদ্দেশ্যে লোকসভাত ৬৬ নম্বৰ নিয়মৰ বিধান স্থগিত ৰখাৰ এক প্ৰস্তাৱ আগবঢ়োৱাৰো কথা আছে ।

এই প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে লোকসভাৰ কাৰ্যবিধি পৰিচালনা নিয়মাৱলীৰ ৬৬ নম্বৰ নিয়মৰ ব্যৱস্থাটো সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ ক্ষেত্ৰত স্থগিত ৰখা হওক, যিহেতু এইবোৰ সংবিধান (এশ একত্রিশতম সংশোধনী) বিধেয়ক, ২০২৬-ৰ ওপৰত নিৰ্ভৰশীল । চৰকাৰে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ বাবে সংশোধনী বিধেয়কখন পাছ কৰিবলৈ বিৰোধীৰ সমৰ্থন বিচাৰি আহিছে ।

মঙলবাৰে ডেৰাডুনত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ বিৰোধী দলসমূহক সংশোধনীটো সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল । তেওঁ কৈছিল, “এয়া এই দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু কন্যাৰ ইচ্ছা আৰু আমি ইয়াক সৰ্বসন্মতিক্ৰমে পূৰণ কৰিবই লাগিব ।”

বিৰোধী দলসমূহে বুধবাৰে কয় যে তেওঁলোকে মহিলা সংৰক্ষণৰ দ্ৰুত ৰূপায়ণক সম্পূৰ্ণ সমৰ্থন কৰে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে । কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকার্জুন খাৰ্গেৰ সভাপতিত্বত বিৰোধী দলসমূহৰ স্থিতি সম্পৰ্কে আলোচনা কৰিবলৈ এখন বৈঠকো অনুষ্ঠিত হয় ।

লগতে পঢ়ক : আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য