আই পি এল ২০২৬ত কলকাতাৰ বিপৰ্যয় অব্যাহত, ৩২ ৰানত চেন্নাইৰ জয়

আই পি এল ২০২৬ত কলকাতাৰ বিপৰ্যয় অব্যাহত, ৩২ ৰানত চেন্নাইৰ জয়

আৰম্ভণিৰে পৰা বিপৰ্যৰ সন্মুখীন হোৱা কলকাতাই ৭ উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয় আই পি এল ২০২৬ৰ ২২ সংখ্যক মেচত মঙলবাৰে চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হয় । এই মেচখনতো উদয় নহ’ল কলকাতা নাইট ৰাইডাৰ্ছৰ ভাগ্য । চেন্নাইৰ এম

আৰম্ভণিৰে পৰা বিপৰ্যৰ সন্মুখীন হোৱা কলকাতাই ৭ উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয়

আই পি এল ২০২৬ৰ ২২ সংখ্যক মেচত মঙলবাৰে চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হয় । এই মেচখনতো উদয় নহ’ল কলকাতা নাইট ৰাইডাৰ্ছৰ ভাগ্য । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত চেন্নাই চুপাৰ কিংছে ৩২ ৰানত জয়লাভ কৰে । টছত জয়ী হোৱাৰ পিছত কেকেআৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । সঞ্জু চেমছনৰ ৪৮ আৰু ব্ৰেভিছৰ ৪১ ৰানৰ সহায়ত চেন্নাইয়ে ১৯২ ৰান সংগ্ৰহ কৰে ।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰম্ভণিৰে পৰা বিপৰ্যৰ সন্মুখীন হোৱা কলকাতাই ৭ উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয় । ইয়াৰ লগে লগে চেন্নাই চুপাৰ কিংছে চলিত আই পি এলত দ্বিতীয়টো জয় সাব্যস্ত কৰিছে । অৱশ্যে কেকেআৰে এতিয়াও জয়ৰ বাবে হাহাকাৰ কৰি আছে আৰু প্ৰতিযোগিতাখনৰ একমাত্ৰ দল যিয়ে এতিয়াও জয়ী হোৱা নাই ।

কলকাতাৰ ইনিংছ-

১৯৩ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে কে কে আৰে আৰম্ভণিৰে পৰাই বিপৰ্যয়ৰ সন্মুখীন হয় । দ্বিতীয় অভাৰত ফিন এলেনে নিজৰ উইকেট হেৰুৱাই । ইয়াৰ পিছতে ২৪ ৰান সংগ্ৰহ কৰি সুনীল নাৰিন পেভিলিয়নমুখী হয় । অধিনায়ক ৰাহানেই দ্ৰুত ২৮ ৰান কৰে যদিও নূৰ আহমেদৰ বলত তেওঁ পেভিলিয়নৰ বাট বুলে । আটাইতকৈ নিৰাশ কৰে ২৫ কোটি টকাৰে ক্ৰয় কৰা কেমেৰনু গ্ৰীণে, যি প্ৰথম বলতে আউট হয় ।

ৰিংকু সিঙৰ ওপৰত কেকেআৰৰ বহু আশা আছিল যদিও তেওঁও হতাশ কৰে । মাত্ৰ ১২টা বলত ৬ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ । ইয়াৰ পিছত ৰমণদীপ আৰু পাৱেলে বহু চেষ্টা কৰি অৰ্ধশতৰ অংশীদাৰিত্ব গঢ়ি তোলে যদিও তেওঁলোকে কেকেআৰক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে । সমগ্ৰ কে কে আৰ দলটোৱে মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয় ।

চেন্নাই চুপাৰ কিংছৰ বেটিং-

প্ৰথমে বেটিং কৰা চি এছ কেক পুনৰবাৰ হতাশ কৰিলে অধিনায়ক  ৰুতুৰাজ গাইকৱাদে । তৃতীয় অভাৰত গাইকোৱাদে মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি উইকেট হেৰুৱাই । অৱশ্যে সঞ্জু চেমছনে ৪৮ ৰান সংগ্ৰহ কৰে । আয়ুষ মাহাত্ৰেও ১৭টা বলত ৩৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে ডেৱাল্ড ব্ৰেভিছ আৰু ছৰফৰাজৰ মাজত অৰ্ধশতকৰ এক উজ্জ্বল অংশীদাৰিত্বৰ সৃষ্টি হয় । অৱশ্যে ১৭ নং অভাৰত ছৰফৰাজে ২৩ ৰান কৰি আউট হয় । ইয়াৰ পিছতে ব্ৰেভিছে ৪১ ৰানৰ ইনিংছ খেলি চি এছ কেক ২০ অভাৰত ৫ উইকেটত ১৯২ ৰান সংগ্ৰহ কৰাত সহায় কৰে ।

লগতে পঢ়ক : প্ৰফুল হিংগৰ বিধ্বংসী স্পেলত দিশহাৰা ৰাজস্থান, প্ৰথমটো পৰাজয় ৰিয়ান বাহিনীৰ