২১ ঘণ্টা ধৰি চলা এক দীঘলীয়া আলোচনাৰ অন্তত, দুয়োপক্ষৰ মাজত অচলাৱস্থা অব্যাহত থকা অৱস্থাতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আমেৰিকালৈ ৰাওনা হয়
পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত প্ৰায় ২১ ঘণ্টা ধৰি চলা এক দীঘলীয়া আলোচনাৰ অন্তত, দুয়োপক্ষৰ মাজত অচলাৱস্থা অব্যাহত থকা অৱস্থাতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আমেৰিকালৈ ৰাওনা হৈছে । দেওবাৰে পুৱতি নিশা সাংবাদিকৰ সৈতে কথা পতাৰ কিছু সময়ৰ পিছতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰস্থান কৰে । এই অচলাৱস্থাই প্ৰথম পৰ্যায়ৰ আলোচনাত শান্তি প্ৰচেষ্টাক যথেষ্ট পিছুৱাই দিছে । তেওঁক বিদায় জনাবলৈ গৃহমন্ত্ৰী মহছিন নাকভি, বৈদেশিক মন্ত্ৰী ইছাক দাৰ আৰু সেনা প্ৰধান আছিম মুনিৰ উপস্থিত থাকে ।
পাকিস্তানত আমেৰিকা আৰু ইৰানৰ মাজত কেইবা ঘণ্টা ধৰি চলা আলোচনাৰ অন্তত দেওবাৰে এক অচলাৱস্থাৰ সৃষ্টি হয়, যিহেতু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে ইৰানৰ সৈতে হোৱা আলোচনাত কোনো চুক্তিত উপনীত হ’ব পৰা নগ’ল । তেওঁ কয় যে যদিও তেওঁলোক আমেৰিকালৈ উভতি যাব, এই ঘটনাটো আমেৰিকাতকৈ “ইৰানৰ বাবেহে বেয়া খবৰ”।
ভেন্সে কয়, “ইৰানৰ সৈতে আমাৰ কেতবোৰ গুৰুত্বপূৰ্ণ সহমত হৈছে এয়া ভাল খবৰ । বেয়া খবৰটো হ’ল যে আমি কোনো চুক্তিত উপনীত হ’ব পৰা নাই । এয়া আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইৰানৰ বাবেহে বেছি বেয়া খবৰ ।” তেওঁ লগতে কয়, “আমি কোনো চুক্তিত উপনীত নোহোৱাকৈ আমেৰিকালৈ উভতি গৈ আছোঁ ।”
তেওঁ গুৰুত্ব আৰোপ কৰে যে আমেৰিকাই নিজৰ চৰ্তসমূহ আৰু যিবোৰ বিষয়ত শিথিলতা প্ৰদৰ্শন কৰিব পাৰি সেইবোৰ স্পষ্ট কৰি দিছিল যদিও ইৰানে “আমাৰ চৰ্ত মানি ল’বলৈ অস্বীকাৰ কৰিলে”। সংবাদ মাধ্যমৰ আগত ভেন্সে পুনৰ কয় যে ৱাশ্বিংটনে তেহৰানৰ পৰা এইটো নিশ্চিত প্ৰতিশ্ৰুতি বিচাৰিছিল যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ আৰু সেয়া নিৰ্মাণ কৰিব পৰা সঁজুলি সংগ্ৰহ নকৰে ।
তেওঁ লগতে কয়, “ইৰানে আমাৰ চৰ্ত মানি ল’ব পৰা স্থিতিত আমি উপনীত হ’ব নোৱাৰিলোঁ ।” তেওঁ কয় যে আমেৰিকা অতি “নমনীয় আৰু উদাৰ” হোৱাৰ পিছতো আলোচনাত কোনো অগ্ৰগতি নহ’ল ।
ইফালে, ইৰানৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক প্ৰেছ টিভিয়ে প্ৰতিবেদন দিছে যে আমেৰিকাৰ অত্যাধিক দাবীৰ বাবে তেহৰান আৰু ৱাশ্বিংটনৰ মাজত আলোচনা কোনো সিদ্ধান্ত অবিহনেই সমাপ্ত হয় । তেওঁলোকে কয় যে পাৰমাণৱিক অধিকাৰ আৰু হৰমুজ প্ৰণালীৰ দৰে কেইবাটাও বিষয়ত দুয়োপক্ষৰ মাজত মতানৈক্য আছিল ।
লগতে পঢ়ক : সমাধান নোলাল ইছলামাবাদ আলোচনাত… জে ডি ভান্সে ক’লে ইৰানৰ বাবে এয়া বেয়া খবৰ









