উজনিৰ তিনি গগৈক লৈ বদৰুদ্দিন আজমলে এক ডাঙৰ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে কৈছে যে এইবাৰ তিনি গগৈৰ পৰাজয় হোৱাটো নিশ্চিত।
৫ বজাৰ লগে লগে সামৰণি পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। শান্তিপূৰ্ণভাৱেই সম্পন্ন ১২৬ সমষ্টিৰ ভোটগ্ৰহণ। ভোটদান সম্পন্ন হোৱাৰ পিছতেই বদৰুদ্দিন আজমলে এক ডাঙৰ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে কয় যে, আমি ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো। কিন্তু তাৰ ভিতৰত প্ৰায় ২৫ খন আসনত আমি জয় লাভ কৰিম। সকলো স্থানতে এআইইউডিএফ ৰ ঢৌ উঠিছে। সকলোতে এতিয়া কেৱল এআইইউডিএফ তলা-চাবি জিলিকিছে। সকলোৱে শান্তি-প্ৰগতি শিক্ষাৰ কাৰণে তলা চাবি আনিবই।
বদৰুদ্দিন আজমলে লগতে কয় যে, কংগ্ৰেছৰ লগত যিমানেই মিত্ৰতা নকৰক কিয় তিনি গগৈ হাৰিবই খাটাং।সেই কথা মই লিখি দিব পাৰিম। অখিল গগৈক জিকাই মন্ত্ৰী সভা বনাব পাৰিব নেকি? আৰু লুৰিণজ্যোতি গগৈৰ নামেই নাই। যদি মন্ত্ৰীত্ব লাভ কৰিব বিচাৰে তেনেহলে মই এতিয়াও অফাৰ দিছো। মই এতিয়াও সাজু আছো।
লগতে পঢ়ক: ‘আমি গৌৰৱী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়’; কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ









