‘ইৰাণৰ ওচৰত ট্ৰাম্প আত্মসমৰ্ণ কৰিলে; য়ুদ্ধবিৰতিৰ পিছতেই চিনেটৰৰ প্ৰশ্নৰ সন্মুখিন ট্ৰাম্প

‘ইৰাণত ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিলে; যুদ্ধবিৰতিৰ পিছতেই চিনেটৰৰ প্ৰশ্নৰ সন্মুখিন ট্ৰাম্প

অৱশেষত ইৰাণ আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। কিন্তু এই ঘোষণাৰ পিছতেই ইৰাণৰ ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে। ৪০ দিনৰ যুদ্ধৰ অন্তত ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। অহা দুসপ্তাহৰ বাবে এই যুদ্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে

অৱশেষত ইৰাণ আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। কিন্তু এই ঘোষণাৰ পিছতেই ইৰাণৰ ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে।

৪০ দিনৰ যুদ্ধৰ অন্তত ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। অহা দুসপ্তাহৰ বাবে এই যুদ্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে। মঙলবাৰে ইৰাণৰ এটা সভ্যতা শেষ কৰি দিয়া হ’ব বুলি ধমকি দিয়াৰ পিছত ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে। ভাবুকিৰ পৰা হঠাৎ পিছুৱাই যোৱাৰ সময়ত ড’নাল্ড ট্ৰাম্পে কয় যে, ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থা বন্ধ কৰি দিব।

ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই এতিয়া আমেৰিকাৰ উচ্চ সদনৰ সদস্যই ট্ৰাম্পক প্ৰশ্ন কৰিছে।এক সাক্ষাৎকাৰত আমেৰিকাৰ চিনেটৰ ক্ৰীছ মাৰ্ফীয়ে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধত ট্ৰাম্প সম্পূৰ্ণৰূপে পৰাজয়ৰ সন্মুখীন হৈছে।ইৰাণৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছে। ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ সন্মত হৈছে। এইটো বিশ্বৰ বাবে এক অত্যন্ত অসাধাৰণ আৰু ধ্বংসাত্মক বিষয়।

লগতে পঢ়ক: ‘সকলো আক্ৰমণ বন্ধ কৰক’; ৪০ দিনৰ ধাৰাবাহিক যুদ্ধৰ অন্তত অৱশেষত ঘোষণা হ’ল যুদ্ধবিৰতি

শেহতীয়া প্ৰৱন্ধসমূহ