‘বলাৰসকলে দায়িত্ব ল’ব লাগিব’; পৰাজয়ৰ পিছত বলাৰৰ ওপৰত ক্ষোভ হাৰ্দিক পাণ্ডিয়াৰ

‘বলাৰসকলে দায়িত্ব ল’ব লাগিব’; পৰাজয়ৰ পিছত বলাৰৰ ওপৰত ক্ষোভ হাৰ্দিক পাণ্ডিয়াৰ

বৰ্ষাপাৰাত মঙলবাৰে নিশা ৰাজস্থান ৰয়েলছৰ হাতত পৰাজয় হয় মুম্বাই ইণ্ডিয়ানছ। পৰাজয়ৰ পিছতেই মুম্বাই ইণ্ডিয়ানছৰ অধিনায় হাৰ্দিক পাণ্ডিয়াৰ বলাৰ সকলক তীব্ৰ সমালোচনা। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে একপক্ষীয় পৰাজয়ৰ পাছত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া ক্ষোভিত হৈ বলাৰ সকলক তীব্ৰ সমালোচনা কৰে। ২০২৬ চনৰ আই পি

বৰ্ষাপাৰাত মঙলবাৰে নিশা ৰাজস্থান ৰয়েলছৰ হাতত পৰাজয় হয় মুম্বাই ইণ্ডিয়ানছ। পৰাজয়ৰ পিছতেই মুম্বাই ইণ্ডিয়ানছৰ অধিনায় হাৰ্দিক পাণ্ডিয়াৰ বলাৰ সকলক তীব্ৰ সমালোচনা।

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে একপক্ষীয় পৰাজয়ৰ পাছত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া ক্ষোভিত হৈ বলাৰ সকলক তীব্ৰ সমালোচনা কৰে। ২০২৬ চনৰ আই পি এলত প্ৰথমখন মেচত জয়লাভ কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ এয়া আছিল একেৰাহে দ্বিতীয়টো পৰাজয়।

বৰষুণ প্ৰভাৱিত মেচখনত ৰাজস্থান ৰলেয়ছৰ হাতত ২৭ ৰানৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত হাৰ্দিক পাণ্ডিয়াই বলাৰসকলক তীব্ৰ সমালোচনা কৰে। মুম্বাইৰ অধিনায়কগৰাকীয়ে কয় যে বলাৰসকলে দায়িত্ব ল’ব লাগিব।বৰষুণৰ বাবে দুঘণ্টাৰো অধিক সময় পলমকৈ খেলখন আৰম্ভ হয়।পিছত পাণ্ডিয়াই টছত জয়ী হৈ বলিং কৰিবলৈ বাছি লয় আৰু মেচখন ১১ অভাৰলৈ হ্ৰাস পায়।

মেচৰ পিছৰ উপস্থাপনত পাণ্ডিয়াই কয় যে- আমি পাৱাৰপ্লেত যেনেদৰে বলিং কৰিব লাগিছিল, তেনেদৰে কৰা নহ’ল। ৰাজস্থান ৰয়েলছৰ অ’পেনাৰসকলে ভাল খেলিছিল। বলাৰসকলে দায়িত্ব ল’ব লাগিব।বলিং ইউনিট হিচাপে আমি ভাল প্ৰদৰ্শন কৰা নাছিলো।এই মেচত পৰাজয়ৰ দোষ মই বেটিঙৰ ওপৰত নিদিও। বলিং ইউনিটে  ইয়াৰ দায়িত্ব ল’ব লাগিছিল। আমি যদি ভাল বলিং কৰিলোঁহেঁতেন তেন্তে আমি মেচত জয় লাভ কৰিলোহেতেন।

লগতে পঢ়ক: আজি বৰ্ষাপাৰাত ৰাজস্থান-মুম্বাইৰ হাই ভল্টেজ যুঁজ, বৈভৱৰ সন্মুখত বুমৰাহৰ প্ৰত্যাহ্বান