আজি বৰ্ষাপাৰাত ৰাজস্থান-মুম্বাইৰ হাই ভল্টেজ যুঁজ, বৈভৱৰ সন্মুখত বুমৰাহৰ প্ৰত্যাহ্বান

আজি বৰ্ষাপাৰাত ৰাজস্থান-মুম্বাইৰ হাই ভল্টেজ যুঁজ, বৈভৱৰ সন্মুখত বুমৰাহৰ প্ৰত্যাহ্বান

হাই ভল্টেজ যুঁজত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ নিৰ্বাচনৰ ধামখুমীয়া পৰিৱেশৰ মাজতে গুৱাহাটীত এতিয়া আই পি এলৰ জ্বৰ । মঙলবাৰে আই পি এল ২০২৬ৰ এখন হাই ভল্টেজ যুঁজত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ । এই

হাই ভল্টেজ যুঁজত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ

নিৰ্বাচনৰ ধামখুমীয়া পৰিৱেশৰ মাজতে গুৱাহাটীত এতিয়া আই পি এলৰ জ্বৰ । মঙলবাৰে আই পি এল ২০২৬ৰ এখন হাই ভল্টেজ যুঁজত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ । এই মেচখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । মুম্বাই ইণ্ডিয়ানছে পূৰ্বৰ পৰাজয়ৰ পৰা প্ৰত্যাৱৰতনৰ চেষ্টা কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে জয়ৰ হেটট্ৰিক অৰ্জনৰ চেষ্টা কৰিব ।

মুম্বাই ইণ্ডিয়ানছৰ বাবে আটাইতকৈ ডাঙৰ সকাহৰ খবৰ হৈছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ফিটনেছ । অসুস্থতাৰ বাবে দিল্লী কেপিটেলছৰ বিৰুদ্ধে পূর্বৰ মেচত অংশ ল’ব পৰা নাছিল তেওঁ ৷ পাণ্ডিয়াৰ অনুপস্থিতিত মুম্বাই ৬ উইকেটত পৰাস্ত হয় । হাৰ্দিকৰ অনুপস্থিতিত দলটোৰ বেটিং আৰু বলিং দুয়োটা দিশতে ভাৰসাম্যহীন হৈ পৰে ।

পূৰ্বৰ খেলখনত সূৰ্যকুমাৰ যাদৱে দলটোৰ অধিনায়কৰ জায়িত্ব পালন কৰিছিল যদিও দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে । মুম্বাইয়ে ট্ৰেণ্ট ব’ল্টৰ ঠাইত কৰ্বিন বছক নিযুক্তি দিছিল যদিও এই সিদ্ধান্ত সফল হোৱা নাছিল । বছ যথেষ্ট ব্যয়বহুল বুলি প্ৰমাণিত হোৱাৰ বিপৰীতে দীপক চহৰে মিতব্যয়িতাৰে বলিং কৰে ।

হাৰ্দিকে এতিয়া দলত যোগদান কৰি নেটত অনুশীলন কৰা দেখা গৈছে । ৰাজস্থানৰ বিৰুদ্ধে তেওঁ খেলপথাৰত নামিব পাৰিব বুলি আশা কৰা হৈছে । যদি পাণ্ডিয়া মূল একাদশলৈ ঘূৰে তেন্তে মুম্বাই যথেষ্ট লাভৱান হ’ব ।

মুম্বাইৰ বলিঙে এতিয়ালৈকে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই । যশপ্ৰীত বুমৰাহে মিতব্যয়িতাৰে বলিং কৰিছে যদিও এই ছিজনত তেওঁ এতিয়াও এটা উইকেট লব পৰা নাই । ইফালে শাৰ্দুল ঠাকুৰ শেষৰখন খেলত যথেষ্ট ব্যয়বহুল বুলি প্ৰমাণিত হয় । স্পীন বিভাগত নিজৰ স্থান মজবুট কৰি তুলিছে মিচেল ছেণ্টনাৰে ।

আনহাতে ৰাজস্থান ৰয়েলছৰ টপ অৰ্ডাৰ উৎকৃষ্ট ফৰ্মত আছে । যশস্বী জয়ছোৱাল আৰু যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে দলটোক দ্ৰুত আৰম্ভণি দিছে । তাৰ পিছত ধ্ৰুৱ জুৰেলে ইনিংছ আগবঢ়াই নিয়াৰ কাম কৰি আছে । অধিনায়ক ৰিয়ান পৰাগে এতিয়াও ডাঙৰ ইনিংছ খেলিব পৰা নাই যদিও তেওঁৰ অধিনায়ক হিচাবে দেখুওৱা দক্ষতাই যথেষ্ট প্ৰশংসা লাভ কৰিছে । গুজৰাট টাইটানছৰ বিৰুদ্ধে অন্তিম অভাৰত তেওঁৰ কৌশলে ৰাজস্থানক ৰোমাঞ্চকৰ জয় প্ৰদান কৰিছিল ।

ৰাজস্থানৰ বলিঙো শক্তিশালী দেখা গৈছে । দুখন মেচত ৫টা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ৰবি বিষ্ণোই । যোৱা ছিজনত হতাশাজনক প্ৰদৰ্শনৰ মাজেৰে যোৱাৰ পিছত তেওঁৰ যথেষ্ট উন্নতি হৈছে । ইফালে তুষাৰ দেশপাণ্ডে ডেথ অভাৰত নিয়ন্ত্ৰিত বলিং কৰি গুজৰাটৰ জয়ত মুখ্য ভূমিকা লৈছিল ।

বৰ্তমান পইণ্ট তালিকাৰ ষষ্ঠ স্থানত থকা মুম্বাইৰ বিপৰীতে দ্বিতীয় স্থানত আছে ৰাজস্থান । দুয়োটা দলৰ মাজত এই মেচখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে । মেচখনৰ ফলাফল বহুলাংশে নিৰ্ভৰ কৰিব মুম্বাইৰ বলাৰসকলে ৰাজস্থানৰ ইন-ফৰ্ম টপ অৰ্ডাৰক কিমান ক্ষীপ্ৰতাৰে ধৰি ৰাখিব পাৰিব তাৰ ওপৰত ।

লগতে পঢ়ক : বৰষুণৰ বাবে পৰিত্যক্ত কলকাতা-পঞ্জাবৰ মেচ, লাভ কৰিলে ১-১ পইণ্ট