আক্ৰমণ অব্যাহত থকালৈকে নহ’ব প্ৰত্যক্ষ আলোচনা; যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইৰাণৰ

আক্ৰমণ অব্যাহত থকালৈকে নহ’ব প্ৰত্যক্ষ আলোচনা; যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইৰাণৰ

আমেৰিকা আৰু ইজৰাইলে যেতিয়ালৈকে আক্ৰমণ বৃদ্ধি কৰি থাকিব তেতিয়ালৈকে প্ৰত্যক্ষ আলোচনা নহ’ব বুলি উল্লেখ কৰিছে ইৰাণে পশ্চিম এছিয়াত চলি থকা সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে । সংঘাত প্ৰশমিত হোৱাৰ কোনো লক্ষণ বৰ্তমানলৈ দেখা পোৱা হোৱা নাই । ইফালে ইৰাণে সোমবাৰে কয় যে মধ্যস্থতাকাৰীয়ে দাখিল কৰা

আমেৰিকা আৰু ইজৰাইলে যেতিয়ালৈকে আক্ৰমণ বৃদ্ধি কৰি থাকিব তেতিয়ালৈকে প্ৰত্যক্ষ আলোচনা নহ’ব বুলি উল্লেখ কৰিছে ইৰাণে

পশ্চিম এছিয়াত চলি থকা সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে । সংঘাত প্ৰশমিত হোৱাৰ কোনো লক্ষণ বৰ্তমানলৈ দেখা পোৱা হোৱা নাই । ইফালে ইৰাণে সোমবাৰে কয় যে মধ্যস্থতাকাৰীয়ে দাখিল কৰা প্ৰস্তাৱসমূহৰ উত্তৰ প্ৰস্তুত কৰিছে । অৱশ্যে আমেৰিকা আৰু ইজৰাইলে যেতিয়ালৈকে আক্ৰমণ বৃদ্ধি কৰি থাকিব তেতিয়ালৈকে প্ৰত্যক্ষ আলোচনা নহ’ব বুলিও উল্লেখ কৰিছে দেশখনে ।

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, “আমেৰিকাৰ ১৫ দফীয়া প্ৰস্তাৱটোত দাবী অধিক আছে । আমি আমাৰ দাবীসমূহ প্ৰণয়ন কৰি আনুষ্ঠানিক কৰি তুলিছো । এই সম্ভাৱনাক আওকাণ কৰিব নোৱাৰি যে ইছফাহানত চলোৱা পাইলট উদ্ধাৰ অভিযান কেৱল ইৰাণৰ সমৃদ্ধ ইউৰেনিয়াম জব্দ কৰাৰ লক্ষ্যৰে কৰা এক কৌশল আছিল । ইয়াৰ ফলত যুদ্ধবিৰতি বিৰোধী পক্ষক পুনৰ গোট খুৱাই অভিযান অব্যাহত ৰখাৰ সুযোগ পোৱা যাব ।” মন্ত্ৰালয়ে কয় যে ওমানৰ সৈতে হোৱা আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজসমূহৰ নিৰাপদ গতিৰ বাবে প্ৰট’কল তৈয়াৰ কৰা ।

তেহৰাণত অনুষ্ঠিত এক সংবাদমেলত ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে কয় যে প্ৰয়োজন হ’লে তেহৰানে নিজৰ দেশখনক “সম্পূৰ্ণ শক্তিৰে” ৰক্ষা কৰিব । তেওঁ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আইনক আওকাণ কৰা বুলি অভিযোগ কৰে । মধ্যস্থতাকাৰীৰ জৰিয়তে প্ৰেৰণ কৰা আমেৰিকাৰ ১৫ দফীয়া যুদ্ধবিৰতি প্ৰস্তাৱক বাঘাইয়ে অযুক্তিকৰ বুলি অভিহিত কৰে । ভাবুকি দি আলোচনা চলাব নোৱাৰিব বুলিও তেওঁ কয় । লগতে তেওঁ কয় যে যিকোনো চুক্তি ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত হ’লেহে গ্ৰহণ কৰা হ’ব । লগতে ইৰাণে অস্থায়ী যুদ্ধবিৰতিৰ বিনিময়ত হৰমুজ প্ৰণালী মুকলি কৰিবলৈ অস্বীকাৰ কৰা বুলি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : আমেৰিকা আৰু ইৰাণৰ মাজত হ’ব নেকি ৪৫ দিনীয়া যুদ্ধবিৰতি? চলি আছে আলোচনা

শেহতীয়া প্ৰৱন্ধসমূহ