পিকচাৰ অভি বাকী হ্যে… ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিলে নতুন ভিডিঅ’

পিকচাৰ অভি বাকী হ্যে… ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিলে নতুন ভিডিঅ’

প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পঞ্জাৱৰ ৰাজনীতিত তেওঁৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিছে এক আৱেগিক আৰু আগ্ৰাসী ভিডিঅ’ বাৰ্তা । প্ৰায় তিনি মিনিটৰ এই

প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

পঞ্জাৱৰ ৰাজনীতিত তেওঁৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিছে এক আৱেগিক আৰু আগ্ৰাসী ভিডিঅ’ বাৰ্তা । প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

চাড্ডাই ভিডিঅ’টোৰ কেপচনত লিখিছে, “ৰাঘৱে পঞ্জাৱৰ সমস্যা উত্থাপন কৰাত ব্যৰ্থ হোৱা বুলি ক’বলৈ বাধ্য হোৱা মোৰ সহকৰ্মীসকলৰ বাবে এইটো এটা সৰু ট্ৰেইলাৰ… পিকচাৰ অভি বাকী হ্যে ।”

ভিডিঅ’টোত ৰাঘৱ চাড্ডাই পঞ্জাবক কেৱল ৰাজনৈতিক বিষয় বুলি গণ্য কৰিবলৈ অস্বীকাৰ কৰি কয় যে পঞ্জাব তেওঁৰ ঘৰ, তেওঁৰ কৰ্তব্য, আত্মা ।

দৰাচলতে বিগত কিছুদিনত আপৰ কেইবাজনো নেতাই ৰাঘৱক পঞ্জাৱৰ কৃষক আৰু ৰাজ্যখনৰ সমস্যা ৰাজ্যসভাত উত্থাপন নকৰাৰ অভিযোগ উত্থাপন কৰিছে । আনকি পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা অপসাৰণ কৰাৰ পাছত তেওঁক “আপোচ কৰা” বুলিও অভিযোগ কৰে ৷

এতিয়া ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ৰাঘৱ চাড্ডাই সংসদত উত্থাপিত পঞ্জাৱ সম্পৰ্কীয় বিষয়ৰ ক্লিপ শ্বেয়াৰ কৰে । ভিডিঅ’টোত ৰাঘৱে তেওঁৰ ভাষণৰ কিছু অংশ প্ৰদৰ্শন কৰে, য’ত কৃষকৰ বাবে এম এছ পিৰ আইনী নিশ্চয়তা, কৃষি ঋণ আৰু ইনপুট খৰচ বৃদ্ধি, ষ্টাবল ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় আৰ্থিক সাহায্য, পঞ্জাৱৰ ভূগৰ্ভস্থ পানীৰ মাত্ৰা হ্ৰাস, বায়ু প্ৰদূষণ, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বাথিণ্ডা-বিকানেৰ ৰে’ল, আন্তঃৰাষ্ট্ৰীয় বিমানৰ অভাৱ, ধৰ্মীয় স্থানৰ বাবে কৰিড’ৰ, পঞ্জাৱৰ বাকী থকা পুঁজি আদি ।

ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত দিয়া ভাষণৰ কিছু অংশ দেখুৱাই কয় যে পঞ্জাবে দশক দশক ধৰি দেশৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে, সেয়েহে আজি ৰাষ্ট্ৰই পঞ্জাৱৰ সৈতে থিয় দিব লাগে । তেওঁ লগতে কয় যে পঞ্জাবে কাৰো পৰা দান-বৰঙণি বিচৰা নাই, বৰঞ্চ নিজৰ অধিকাৰ দাবী কৰিছে ।

লগতে পঢ়ক : তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক