বান নিয়ন্ত্ৰণৰ পৰা স্থায়ী সমাধানৰ দিশলৈ অগ্ৰসৰ হৈছে অসম: মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

বান নিয়ন্ত্ৰণৰ পৰা স্থায়ী সমাধানৰ দিশলৈ অগ্ৰসৰ হৈছে অসম: মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

মন্ত্ৰী পীযুষ হাজৰীকাই ইয়াৰ লগতে তেওঁ যুৱ সৱলীকৰণ, নিযুক্তি, শিক্ষা, স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত লাভ কৰা প্ৰধান সাফল্যসমূহো উল্লেখ কৰে বান নিয়ন্ত্ৰণৰ পৰা স্থায়ী সমাধানৰ দিশলৈ গতি কৰিছে অসমে । শনিবাৰে এই কথা উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ইয়াৰ লগতে তেওঁ যুৱ সৱলীকৰণ, নিযুক্তি, শিক্ষা,

মন্ত্ৰী পীযুষ হাজৰীকাই ইয়াৰ লগতে তেওঁ যুৱ সৱলীকৰণ, নিযুক্তি, শিক্ষা, স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত লাভ কৰা প্ৰধান সাফল্যসমূহো উল্লেখ কৰে

বান নিয়ন্ত্ৰণৰ পৰা স্থায়ী সমাধানৰ দিশলৈ গতি কৰিছে অসমে । শনিবাৰে এই কথা উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ইয়াৰ লগতে তেওঁ যুৱ সৱলীকৰণ, নিযুক্তি, শিক্ষা, স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত লাভ কৰা প্ৰধান সাফল্যসমূহো উল্লেখ কৰে । গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়ন আৰু স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিছে ।

তেওঁ উল্লেখ কৰে যে চৰকাৰে ইতিমধ্যে ১.৬৫ লাখতকৈ অধিক চাকৰি প্ৰদান কৰিছে, যিটো ২০২১ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ১ লাখতকৈ বেছি । অনাগত পাঁচ বছৰত এই সংখ্যা ২ লাখ অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । জিলা ভিত্তিক নিয়োগ মেলা, ডিজিটেল এমপ্লয়মেন্ট প’ৰ্টেল আৰু ‘আত্মনিৰ্ভৰ অসম অভিযান’ৰ দৰে আঁচনিৰ অধীনত আৰ্থিক সাহায্যই ১ লাখতকৈ অধিক যুৱক-যুৱতীক সহায় কৰিছে বুলিও তেওঁ সদৰী কৰে ।

শিক্ষা খণ্ডৰ সংস্কাৰৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰতি বছৰে ৫৭ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ লগতে ইউনিফৰ্ম, চাইকেল আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে । উচ্চ শিক্ষাৰ ক্ষেত্ৰতো নতুন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে বিস্তাৰ ঘটা বুলি তেওঁ উল্লেখ কৰে । ঔদ্যোগিক বিকাশ সন্দৰ্ভত হাজৰীকাই কয় যে জাগীৰোডত টাটা ইলেক্ট্ৰনিক্সৰ ছেমিকণ্ডাক্টৰ গোটৰ দৰে প্ৰকল্পই উল্লেখনীয় কৰ্মসংস্থাপন সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, আনহাতে MSME খণ্ডৰ যথেষ্ট সম্প্ৰসাৰণে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে ।

ক্ৰীড়া ক্ষেত্ৰত ৫৩ লাখতকৈ অধিক অংশগ্ৰহণকাৰীয়ে ‘খেল মহাৰণ’ত অংশগ্ৰহণ কৰা বুলি জনাই তেওঁ কয় যে ই যুৱ প্ৰজন্মৰ বৰ্ধিত উৎসাহক প্ৰতিফলিত কৰিছে । ইয়াৰ উপৰিও সকলো জিলাতে ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ কাম চলি আছে বুলি জনায় তেওঁ । ৰাজ্যৰ বান ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ‘বানমুক্ত অসম অভিযান’ৰ অধীনত ১৮,০০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে এক দীৰ্ঘম্যাদী কৌশল গ্ৰহণ কৰিছে । আধুনিক মথাউৰি, নদী পুনৰুজ্জীৱিতকৰণ আৰু এক নিৰ্দিষ্ট বান নিৰীক্ষণ বাহিনী এই পৰিকল্পনাৰ অংশ বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ আৰু কয় যে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বানপানীৰ সময়ত ৰাজ্যখনে ব্যাপক উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছিল । এই অভিযানত নাও আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছিল । হাজৰীকাই উন্নত দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী আৰু যুৱক-যুৱতীসকলৰ বাবে উন্নত সুযোগৰ জৰিয়তে এখন স্থিতিস্থাপক তথা স্বাৱলম্বী অসম গঢ়ি তোলাৰ বাবে চৰকাৰৰ সংকল্প পুনৰ উল্লেখ কৰে ।

লগতে পঢ়ক : অখিল গগৈ বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুনঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

শেহতীয়া প্ৰৱন্ধসমূহ