আই পি এলত নিষিদ্ধ হ’ব নেকি শ্ৰেয়াছ আয়াৰ; বিচিচিআইৰ ডাঙৰ এক্সচন

আই পি এলত নিষিদ্ধ হ’ব নেকি শ্ৰেয়াছ আয়াৰ; বিচিচিআইৰ ডাঙৰ এক্সচন

বিপদে লগ নেৰা হৈছে পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক। বিচিচিআই এ পুনৰবাৰ খেলুৱৈ গৰাকীৰ বিৰুদ্ধে ডাঙৰ এক্সচন লৈছে। আই পি এলত হ’ব নেকি নিষিদ্ধ শুকুৰবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ খেলখনত পঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৫ উইকেটত পৰাস্ত কৰে।মেচখনত জয়লাভ

বিপদে লগ নেৰা হৈছে পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক। বিচিচিআই এ পুনৰবাৰ খেলুৱৈ গৰাকীৰ বিৰুদ্ধে ডাঙৰ এক্সচন লৈছে। আই পি এলত হ’ব নেকি নিষিদ্ধ

শুকুৰবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ খেলখনত পঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৫ উইকেটত পৰাস্ত কৰে।মেচখনত জয়লাভ কৰাৰ পিছত পঞ্জাৱ কিংছত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। কিন্তু এই সকলোবোৰৰ মাজতে পঞ্জাব কিংছৰ (পিবিকেএছ) অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ওপৰত বিপদৰ পাহাৰ ভাগি পৰিছে।পাঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বাবে হঠাতে এটা বেয়া খবৰ ওলাইছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শ্ৰেয়াছ আয়াৰক কঠোৰ শাস্তি প্ৰদান কৰিছে।

পঞ্জাৱ কিংছ (পিবিকেএছ)ৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নিজৰ ভুলৰ বাবে ২৪ লাখ টকাৰ লোকচান হৈছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ২৪ লাখ টকা জৰিমনা বিহিছে।দৰাচলতে,আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হৈছে।

আই পি এল ২০২৬ ছিজনত শ্ৰেয়াছ আয়াৰৰ শ্ল’ অভাৰ ৰেটৰ সৈতে জড়িত এইটো আছিল দ্বিতীয়টো অপৰাধ।চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে আই পি এলৰ খেলখনত শ্ল’ অভাৰ ৰেটৰ বাবে শ্ৰেয়াছ আয়াৰ দোষী সাব্যস্ত হোৱাৰ পিছতে বি চি চি আইয়ে এই বৃহৎ শাস্তি প্ৰদান কৰিছে।

মেচখনত পঞ্জাৱ কিংছৰ দলটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত ২০ অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে।যদিহে আই পি এল ২০২৬ ছিজনত শ্ৰেয়াছ আয়াৰক পুনৰবাৰ লেহেমীয়া অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁ আই পি এলৰ এখন মেচ নিষেধাজ্ঞা হোৱাৰ লগতে ৩০ লাখ টকা  জৰিমনা ভৰিব পাৰে। অৰ্থাৎ আই পি এলৰ এখন মেচত নিষেধাজ্ঞা হোৱাৰ ভয় শ্ৰেয়াছ আয়াৰৰ ওপৰত আছে।

লগতে পঢ়ক: ধুৰন্ধৰ মুডত সূৰ্যকুমাৰ যাদৱ; অক্ষয় খান্নাৰ জনপ্ৰিয় গীতত আইকনিক ষ্টেপ

শেহতীয়া প্ৰৱন্ধসমূহ