ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ F-15E বিমান; আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ পুৰস্কাৰ ঘোষণা

ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ F-15E বিমান; আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ F-15E যুঁজাৰু বিমানখন ইৰাণত পতন হয়। বিমানখন দুজন ক্ৰু মেম্বাৰ আছিল। এজনক এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে। ইৰাণৰ আকাশত শুকুৰবাৰে ধ্বংস কৰা হ’ল আমেৰিকাৰ F-15E বিমান। ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনৰ ভিতৰত আমেৰিকাৰ যুঁজাৰু

আমেৰিকাৰ F-15E যুঁজাৰু বিমানখন ইৰাণত পতন হয়। বিমানখন দুজন ক্ৰু মেম্বাৰ আছিল। এজনক এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে।

ইৰাণৰ আকাশত শুকুৰবাৰে ধ্বংস কৰা হ’ল আমেৰিকাৰ F-15E বিমান। ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনৰ ভিতৰত আমেৰিকাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।জানিব পৰা মতে, বিমানখনৰ ভিতৰত দুগৰাকী পাইলট আছিল।ইতিমধ্যে বিমানখনৰ দুজন ক্ৰু সদস্যৰ এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে।

তাৰ মাজতে ইৰাণে এটা ডাঙৰ ঘোষণা কৰিছে। ইৰাণৰ টিভি চেনেলসমূহে ঘোষণা কৰিছে যে যদি কোনো নাগৰিকে আমেৰিকাৰ পাইলট গৰাকীক ধৰি আৰক্ষী বা সেনাবাহিনীৰ হাতত গতাই দিয়ে তেন্তে তেওঁলোকে পুৰস্কাৰ লাভ কৰিব।

কোহগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশৰ পাহাৰীয়া অঞ্চলত এতিয়া ব্যাপক তালাচী চলিছে। কোহগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশ অতি গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চল।ইৰাণৰ বিষয়াসকলে চুবুৰীয়া চহৰমহল আৰু বাখতিয়াৰী প্ৰদেশত তালাচী চলাবলৈ আবেদন জনাইছে।

লগতে পঢ়ক: আমেৰিকাৰ অত্যধুনিক এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

শেহতীয়া প্ৰৱন্ধসমূহ