‘একো কৰিব নোৱাৰে’; আমেৰিকাৰ টেক কোম্পানীক ইৰাণৰ ভাবুকীৰ সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

‘একো কৰিব নোৱাৰে’; আমেৰিকাৰ টেক কোম্পানীক ইৰাণৰ ভাবুকীৰ সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

ইৰাণৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁলোকে একো কৰিব নোৱাৰে। মাত্ৰ এদিন পূৰ্বে ইৰাণে আমেৰিকাৰ টেক কোম্পানীসমূহক আক্ৰমণ কৰাৰ ভাবুকি দিছিল। ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে গুগল আৰু এপলৰ দৰে কোম্পানীক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।ইয়াৰ পিছতে

ইৰাণৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁলোকে একো কৰিব নোৱাৰে। মাত্ৰ এদিন পূৰ্বে ইৰাণে আমেৰিকাৰ টেক কোম্পানীসমূহক আক্ৰমণ কৰাৰ ভাবুকি দিছিল।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে গুগল আৰু এপলৰ দৰে কোম্পানীক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উত্তৰ দিলে যে তেওঁলোকে একো কৰিব নোৱাৰিব।

ইয়াৰ এদিন পূৰ্বে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে এটা ভিডিঅ’ৰ জৰিয়তে ১৮টাকৈ আমেৰিকাৰ টেক কোম্পানীৰ তালিকা প্ৰকাশ কৰি তাৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিছিল।ইয়াৰ ভিতৰত গুগল, মাইক্ৰ’ছফ্ট, আমাজন, ইণ্টেল, এপল আদি কোম্পানীৰ নামো অন্তৰ্ভুক্ত

আই আৰ জি চিয়ে উল্লেখ কৰিছে যে এই কোম্পানীসমূহৰ আঞ্চলিক কাৰ্য্যকলাপ লক্ষ্য কৰি লোৱা হ’ব।অৰ্থাৎ আমেৰিকান কোম্পানীসমূহৰ যিসমূহ ইউনিট ইৰাণৰ ভিতৰত কাম কৰি আছে,তেওঁলোকক টাৰ্গেট কৰা হ’ব।এই আক্ৰমণক আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰা হৈছে।

সেই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক আচৰিত উত্তৰ দিছে।ট্ৰাম্পে কয় যে, তেওঁলোকে (ইৰাণ)পশ্চিম এছিয়াত কাম কৰা আমেৰিকান কোম্পানীসমূহক কেনেকৈ ভাবুকি দিছে।তেওঁলোকে উৰুৱাই দিম বুলি কৈছিল নেকি? তেওঁলোকে এই কোম্পানী সমূহ আক্ৰমণ কৰিবলৈ ওলাইছে নেকি?

ট্ৰাম্পে আৰু কয় যে তেওঁলোকে তেনে কৰিবলৈ যোৱা নাই। তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ নকৰে।ইতিমধ্যে তেওঁলোকৰ অধিকাংশ নেতৃত্বৰ হত্যা কৰা হৈছে।

লগতে পঢ়ক: ‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ