বিধানসভা নিৰ্বাচনৰ উত্তেজনাৰ মাজতে আজি বৰ্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ হাই-ভল্টেজ মেচৰ বাবে সাজু হৈছে ক্ৰিকেট অনুৰাগী সকল। ঘৰুৱা খেলপথাৰত ধোনী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ।
বৰ্ষণমুখৰ পৰিৱেশত বৰ্ষাপাৰাত আজি আই পি এল ২০২৬ৰ তৃতীয়খন মেচ চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব।ঘৰুৱা খেলপথাৰত ধোনী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ।
IPLৰ এই হাই-ভল্টেজ মেচখনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।প্ৰথমবাৰলৈ RR-ৰ পূৰ্ণাংগ অধিনায়কৰূপে খেলিব অসম সন্তান ৰিয়ান পৰাগে।মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব।
কিন্তু এই মেচত প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে খেলাৰ সম্ভাৱনা নাই। শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ তৰফৰ পৰা এটা পোষ্টত উল্লেখ কৰিছে যে ধোনীয়ে আই পি এল ২০২৬ৰ প্ৰথম দুসপ্তাহ খেলিব নোৱাৰিব।তেওঁ পেশীৰ ষ্ট্ৰেইনৰ বাবে চিকিৎসাধীন হৈ আছে। মহেন্দ্ৰ সিং ধোনীৰ অনুপস্থিতিক লৈ অনুৰাগী সকল হতাশ হৈছে।
ইফালে এই হাই-ভল্টেজ মেচখনত বৰষুণে বিধি-পথালি দিয়াৰো সম্ভাৱনা আছে।গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘বলগীয়া এই গুৰুত্বপূৰ্ণ মেচখনৰ সময়ত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।
লগতে পঢ়ক: আই পি এল ২০২৬ৰ প্ৰথম দিনাই অলেখ অভিলেখ









