কেৰালাত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী শংখনাদ, পলাক্কাডত জনসভা আৰু ত্ৰিশুৰত মেগা ৰোড শ্ব’

কেৰালাত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী শংখনাদ, পলাক্কাডত জনসভা আৰু ত্ৰিশুৰত মেগা ৰোড শ্ব’

এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ দেওবাৰে কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ দেওবাৰে কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তদুপৰি পলাক্কাডত এখন জনসভা আৰু ত্ৰিশুৰত এক বৃহৎ

এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ দেওবাৰে কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ দেওবাৰে কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তদুপৰি পলাক্কাডত এখন জনসভা আৰু ত্ৰিশুৰত এক বৃহৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই ভ্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে, “আজি কেৰেলাৰ জনসাধাৰণৰ মাজত থাকিবলৈ আগ্ৰহী । মই পালাক্কাডত এখন সভাত ভাষণ দিম আৰু পিছত ত্ৰিশুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিম । কেৰালাৰ জনসাধাৰণ এন ডি এৰ পক্ষত । এল ডি এফ আৰু ইউ ডি এফৰ অপশাসনত মানুহ বিৰক্ত হৈ পৰিছে ।”

জানিব পৰা মতে, পলাক্কাডৰ ফ’ৰ্ট গ্ৰাউণ্ডত দুপৰীয়া প্ৰায় ২:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত ভাষণ দিব । এই অনুষ্ঠানত হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই সমাৱেশত অঞ্চলটোৰ বিজেপিৰ জ্যেষ্ঠ নেতা আৰু এন ডি এৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : মন কি বাতৰ ১৩২ সংখ্যক খণ্ডত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান