কোনো খিলঞ্জীয়াই কংগ্ৰেছক ভোট নিদিয়েঃ মুখ্যমন্ত্ৰী

কোনো খিলঞ্জীয়াই কংগ্ৰেছক ভোট নিদিয়েঃ মুখ্যমন্ত্ৰী

কোনো স্থানীয় খিলঞ্জীয়া ভাৰতীয়ই কংগ্ৰেছক ভোট নিদিয়ে বুলি তেওঁ দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ শাসনত ৰাজ্যখনত এক আমূল পৰিৱৰ্তন ঘটিছে বুলি বুধবাৰে মন্তব্য কৰে । অহা ৯ এপ্ৰিলত হ’বলগীয়া এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত কোনো স্থানীয় “খিলঞ্জীয়া ভাৰতীয়ই” কংগ্ৰেছক ভোট নিদিয়ে বুলি তেওঁ দাবী

কোনো স্থানীয় খিলঞ্জীয়া ভাৰতীয়ই কংগ্ৰেছক ভোট নিদিয়ে বুলি তেওঁ দাবী কৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ শাসনত ৰাজ্যখনত এক আমূল পৰিৱৰ্তন ঘটিছে বুলি বুধবাৰে মন্তব্য কৰে । অহা ৯ এপ্ৰিলত হ’বলগীয়া এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত কোনো স্থানীয় “খিলঞ্জীয়া ভাৰতীয়ই” কংগ্ৰেছক ভোট নিদিয়ে বুলি তেওঁ দাবী কৰে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আমি অসমৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰিছোঁ । আজি মানুহে আমাৰ শক্তিশালী সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত ভিত্তি কৰি এক নতুন অসম দেখিছে । বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাহিৰে বাকী সকলো মানুহ বিজেপিৰ লগত আছে । কোনো থলুৱা খিলঞ্জীয়া ভাৰতীয়ই কংগ্ৰেছক ভোট নিদিয়ে ।”

তেওঁ লগতে কয়, “কংগ্ৰেছলৈ কোনে যাব বিচাৰে? কংগ্ৰেছে ভাৰতত চৰকাৰ গঠন কৰিব নোৱাৰে; তেওঁলোকে পাকিস্তানতহে চৰকাৰ গঠন কৰিব পাৰিব । তেনে ক্ষেত্ৰত মই কেনেকৈ কংগ্ৰেছলৈ যাব পাৰোঁ ? কংগ্ৰেছে ভাৰতত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে । যদিহে কেতিয়াবা কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে সেয়া হয় পাকিস্তানত নতুবা বাংলাদেশত হ’ব ।”

লগতে পঢ়ক : নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ