ছোনীয়া গান্ধীৰ স্বাস্থ্যক লৈ চিকিৎসকৰ ডাঙৰ খবৰ; ৰাহুল গান্ধীয়ে বাতিল কৰিলে প্ৰচাৰৰ কাৰ্যসূচী

ছোনিয়া গান্ধীৰ স্বাস্থ্যক লৈ চিকিৎসকৰ ডাঙৰ খবৰ; ৰাহুল গান্ধীয়ে বাতিল কৰিলে প্ৰচাৰৰ কাৰ্যসূচী

মঙলবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বৰ্তমান দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত চিকিৎসা চলি আছে। তেওঁৰ স্বাস্থ্যক লৈ চিকিৎসকে আপডেট দিছে। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ অৱস্থাক লৈ চিকিৎসকে আপডেট দিছে। মঙলবাৰে সন্ধিয়া স্বাস্থ্যৰ অৱনতি ঘটাত ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ

মঙলবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বৰ্তমান দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত চিকিৎসা চলি আছে। তেওঁৰ স্বাস্থ্যক লৈ চিকিৎসকে আপডেট দিছে।

কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ অৱস্থাক লৈ চিকিৎসকে আপডেট দিছে। মঙলবাৰে সন্ধিয়া স্বাস্থ্যৰ অৱনতি ঘটাত ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হয়।বুধবাৰে চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অজয় ​​স্বৰূপে  কংগ্ৰেছ নেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি উল্লেখ কৰিছে।

তেওঁ কয় যে চিকিৎস সকলে পেট আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে পৰীক্ষা কৰি আছে।ডাঃ স্বৰূপে উল্লেখ কৰে যে চিকিৎসকৰ এটা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে।তেওঁ উল্লেখ কৰে যে ছোনিয়া গান্ধীক এন্টিবায়টিক প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে কংগ্ৰেছী নেত্ৰীগৰাকীৰ হাঁপানী ৰোগত আক্ৰান্ত আৰু ধাৰাবাহিকভাৱে গংগাৰাম হাস্পতাললৈ গৈ পৰীক্ষা-নিৰীক্ষা কৰি থকা হয়।মাতৃৰ স্বাস্থ্যৰ অৱনতিৰ পিছতে ৰাহুল গান্ধীয়ে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰিছে। তেওঁৰ সলনি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কেৰালালৈ গৈছে।  

লগতে পঢ়ক: ১৩ বছৰে ক’মাত থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ হৰিশ ৰাণাৰ